গুৱাহাটী বিমানকোঠত বৰ্দ্ধিত যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি, যোৱাবছৰ দেশৰ অন্যতম বিমানসেৱা প্ৰতিষ্ঠান আকাছা বিমানসেৱাক গুৱাহাটী বিমানকোঠত নিযুক্ত কৰা হৈছিল। বৃহস্পতিবাৰৰ পৰা আকাছা বিমানসেৱাৰ দ্বাৰা, গুৱাহাটীৰ পৰা মুম্বাই আৰু বেংগালুৰুলৈ গোটেই সপ্তাহৰ বাবে পোনপটিয়া বিমানসেৱাৰ সংযোজন কৰিছে বিমান সংস্থাটোৱে।
উল্লেখযোগ্য যে, গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ গ্ৰীষ্মকালীন অনুসূচীত এই দুয়োখন বিমানৰ সংযোজন কৰা হৈছে। গুৱাহাটীৰ পৰা মুম্বাই আৰু বেংগালুৰুলৈ সঘনাই যাত্ৰা কৰি থকা যাত্ৰীসকলে উক্ত পোনপটিয়া দুয়োখন সংযোগী বিমান সেৱাৰ প্ৰবৰ্তনক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে।
আভ্যন্তৰীণ খণ্ডৰ বিমান QP- 1504 -য়ে গুৱাহাটীৰ পৰা সন্ধিয়া ১৭:৪৫ বজাত মুম্বাইলৈ ৰাওনা হব আৰু নিশা ২১:১৫ বজাত গৈ অবতৰণ কৰিব। আনহাতেদি, QP-1503 বিমানখনে মুম্বাইৰ পৰা ১৪:০০ বজাত ৰাওনা হব আৰু সন্ধিয়া ১৭:০৫ বজাত আহি গুৱাহাটীত অবতৰণ কৰিব। একেদৰে আভ্যন্তৰীণ খণ্ডৰ বিমান QP–১১৩৫-খনে সন্ধিয়া ১৯:২৫ বজাত গুৱাহাটীৰ পৰা ৰাওনা হৈ ৰাতি ২২:১৫ বজাত গৈ বাংগালুৰুত অবতৰণ কৰিব। আনহাতেদি, QP-1134-বিমানখনে বেংগালুৰুৰ পৰা ১৫:৩৫ বজাত ৰাওনা হৈ সন্ধিয়া ১৮:৫০ বজাত গুৱাহাটীত অবতৰণ কৰিব।