অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান হীৰেন নাথক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ তদন্ত প্রক্রিয়া নিৰীক্ষণৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰা হৈছে৷ এই সন্দর্ভত গৃহ বিভাগৰ প্রধান সচিবে এক নির্দেশনা জাৰি কৰিছে৷ উল্লেখযোগ্য যে শেহতীয়াকৈ মুখ্যমন্ত্রীৰ তদাৰকী কোষত বহু হাই প্রফাইল আমোলা-বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে আৰু তদন্তকাৰী সংস্থাটোৱে গ্রেপ্তাৰো কৰিছে৷
তাৰ মাজতেই আৰু কেইগৰাকীমান শীর্ষ আমোলা-বিষয়া গ্রেপ্তাৰ হ’বলৈ বাকী থকা সময়ত গৃহ বিভাগে আজি ভাৰতীয় আৰক্ষী সেৱাৰ শীর্ষ বিষয়া হীৰেন নাথক তদন্তসমূহ নিৰীক্ষণ কৰাৰ বাবে অতিৰিক্ত দায়িত্ব অর্পণ কৰা কার্য গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷ ইফালে গৃহ বিভাগে আজি আন কেইবাগৰাকী উপ-মহাপৰিদর্শকক মহাপৰিদর্শকলৈ পদোন্নতি দিয়ে৷