কয় নহয় বেয়া কামৰ বেয়া ফল। এনে এক কাণ্ড সংঘটিত হ’ল তালিবানৰ সন্ত্ৰাসবাদীৰ সৈতে।
আফগানিস্তানত এটা মছজিদৰ ভিতৰত বোমা প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ লৈ থকা তালিবান সন্ত্ৰাসবাদীৰ এটা ক্লাছৰ বাবে ভয়ংকৰ পৰিণতি হ’ল।
প্ৰশিক্ষণ লৈ থকা সময়তে বিস্ফোৰণ হৈ ৩০টা সন্ত্ৰাসবাদীয়ে প্ৰাণ হেৰুৱালে।
আফগানিস্তানৰ সেনাই এক জাননী জাৰি কৰি ক’লে যে ৬জন বিদেশীসহ ৩০টা সন্ত্ৰাসবাদীৰ মৃত্যু হয়।
এই বিদেশী সন্ত্ৰাসবাদী বাৰুদৰ সুৰংগ প্ৰস্তুত কৰাৰ বিশেষজ্ঞ আছিল আৰু শনিবাৰে এই ২৬টা অন্য সন্ত্ৰাসবাদীক বোমা প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দি আছিল।
উল্লেখ্য এই বিস্ফোৰণ ৱাল্ফ প্ৰান্তৰ দৌলতাবাদ জিলাৰ কুলতাক গাঁৱত সংঘটিত হৈছিল।
আফগান সেনাই এক জাননী জাৰি কৰি ক’লে যে ৬ বিদেশী সন্ত্ৰাসবাদীৰ পৰিচয় এতিয়াও পোৱা হোৱা নায়।
তালিবান সন্ত্ৰাসবাদী এটা মছজিদৰ ভিতৰত সোমাই আছিল আৰু সিহতক বোমা আৰু IED প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়া হৈ আছিল।
সুৰক্ষা কৰ্মীয়ে ক’লে যে বিস্ফোৰণৰ এক অন্য ঘটনা IED বিস্ফোৰণ হৈ কুন্দুজ প্ৰান্তত ২টি শিশুৰ মৃত্যু হয়।
এই বিস্ফোৰণ এনেকুৱা সময়ত হয় যিটো সময়ত আফগানিস্তানত তালিবানৰ আক্ৰমণ আৰু হিংসা দ্ৰুতগতিত বৃদ্ধি হৈ আছিল।
Photo: Google