ক’ৰোনাৰ সংক্ৰমণৰ মাজত এইবাৰ আহিল আফ্ৰিকান ছোৱাইনফ্লুৰ আতংক। আফ্ৰিকান ছোৱাইনফ্লুৰ বাবে মাজুলীৰ পশুপালকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কাৰণ, মাজুলী জিলাত এই ছোৱাইনফ্লুৱে লৈছে সংহাৰী ৰূপ।
মাজুলীৰ কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত মহৰিচুক গাওঁ আফ্ৰিকান ছোৱাইনফ্লুৰ মূল কেন্দ্ৰ হিচাপে পৰিগণিত হৈ পৰিছে। পশু চিকিৎসা বিভাগৰ এক নিৰ্দেশনাত এই কথা প্ৰকাশ পাইছে। মহৰিচুক অঞ্চলৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ গাঁহৰি এই ৰোগত আক্ৰান্ত হৈছে।
এই ভাইৰাছ ধৰা পৰাৰ পাছতে মহৰিচুক গাঁৱৰ এক কিলোমিটাৰ ভিতৰৰ গাঁও সমূহত গাহৰিৰ মাংস আৰু গাহৰি লগত জড়িত যি কোনো খাদ্য বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে ।আনহাতে এই ছোৱাইনফ্লুৰ সংক্ৰমণ ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ শীঘ্ৰেই গুৱাহাটীৰ পৰা এটা পশু চিকিৎসকৰ দল মাজুলীলৈ ৰাওনা হ’ব।