অসমত বহু প্ৰত্যাশিত নিৰ্বাচনী ফলাফলৰ ৫ দিন উকলি যোৱাৰ পিছতো চূড়ান্ত নহ’ল অসমৰ মুখ্যমন্ত্ৰীৰ নাম।
বৃহস্পতি বাৰে দিল্লীৰ অমিত শ্বাহৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকটো সিদ্ধান্ত গ্ৰহণ কৰা নহ’ল অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নাম।
এই বৈঠকত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ লগতে অসমৰ নিৰ্বাচনী পৰ্যবেক্ষক তথা কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ।
এই বৈঠকত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সম্বন্ধে আলোচনা কৰা হয় যদিও আজি পুনৰ অনুষ্ঠিত হ’ব বিজেপিৰ সংসদীয় বৰ্ডৰ বৈঠক।
আৰু এই বৈঠকতে অসমৰ মুখ্যমন্ত্ৰী বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
সেয়ে পৰৱৰ্তী ৫ বছৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়ে কেন্দ্ৰীয় সংসদীয় ব’ৰ্ডৰ বৈঠকৰ পিছতহে নিশ্চিত হ’ব।
Photo Credit: Google