এইবাৰ আবিৰ্ভাৱ হৈছে টমেটো ফ্লু নামৰএক নতুন ৰোগ। ভাৰতৰ কেৰালা, ওড়িশাত ধৰা পৰিছে এই ৰোগবিধত আক্ৰান্ত হোৱা বহু কেইগৰাকী ৰোগী। কভিড মহামাৰীৰ ভয়ৱহতা মাৰ নাযাওঁতেই মাংকিপক্স, টমেটো ফ্লুৰ দৰে ৰোগে দেখা দিছে ভাৰতত।
চিকিৎসকৰ মতে বিশেষকৈ শিশুসকল এই ৰোগত আক্ৰান্ত হৈছে। এই ৰোগ হলে ৰোগীৰ দেহৰ হাত, ভৰি, মুখত দেখা দিয়ে পানীজলা। বসন্ত ৰোগৰ দৰেই দেখা দিয়া লক্ষণৰ এই ৰোগবিধ কেৰেলাৰ কল্লামত প্ৰথম এটি শিশুৰ দেহত ধৰা পৰিছিল এই ৰোগ। তাৰ পাছত এই ৰোগত আক্ৰান্ত শিশুৰ সংখ্যা ৮২ টালৈ বৃদ্ধি হয়।
উল্লেখ্য যে ৰোগীৰ শৰীৰত দেখা দিয়া পানীজলা সমূহৰ আকাৰ সৰু সৰু বিলাহীৰ দৰে হোৱাৰ বাবে ৰোগিবধক টমেটো ফ্লু নামেৰে জনা যায়। ইয়াৰ উপৰিও এই ৰোগত আক্ৰান্ত হলে ৰোগীৰ তীব্ৰ জ্বৰ, গা বিষ, গাঁঠি ফুলি উঠা আদি লক্ষণে দেখা দিয়ে।