সমগ্ৰ বিশ্বতে ক’ৰোনাৰ প্ৰকোপ অব্যাহত।
ক’ৰোনাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জাপান চৰকাৰে বৃদ্ধি কৰিছে লকডাউনৰ সময়সীমা।
ইয়াৰ পিছতে আশংকা প্ৰকাশ কৰা দেখা গৈছে যে, ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া খেলৰ মহাকুম্ভ অলিম্পিক বাতিল কৰাৰ সম্ভাৱনা।
ইয়াৰ এদিন পূৰ্বে অৰ্থাৎমঙলবাৰে কেইবাগৰাকীও ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছত আইপিএল-২০২১ স্থগিত কৰা হৈছিল।
জাপানৰ চৰকাৰে ক’ৰোনাৰ সন্ত্ৰাস পুনৰ বৃদ্ধি হোৱা বাবে পুনৰ লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
অকয়ো, অছাকা, কুৱেটা আৰু হয়গোসহ জাপানৰ কেইবাখনো ডাঙৰ চহৰত ২৩ এপ্ৰিলৰ পৰা ১১ মে’লৈ লকডাউন বলবৎ কৰা হৈছে।
কিন্তু ক’ৰোনাৰ সন্ত্ৰাস মাৰ নোযোৱা বাবে এই সময়সীমা পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা।
Photo: google