দুদিনো পাৰ হোৱা নাই চিকিৎসক দম্পতীক খাৰুপেটীয়াত আক্ৰমণৰ ঘটনাৰ কথা। পুনৰ বুধবাৰে সেই একে ঘটনা সংঘটিত হ’ল খাৰুপেটীয়াত। কিন্তু এইবাৰ আক্ৰমণৰ বলি হ’ল আৰক্ষী। কৰ্তব্যৰত আৰক্ষীৰ ওপৰত শিলগুটি আৰু বাঁহেৰে আক্ৰমণ কৰে এজন যুৱকে । খাৰুপেটীয়া আৰক্ষীৰ অভিযোগ অনুসৰি দৰঙৰ খাৰুপেটীয়াৰ বাহাবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি গাঁও সমূহত ২ বজাত সান্ধ্য আইন ঘোষণা হোৱাৰ পিছতো খাৰুপেটীয়া থানা এলেকাৰ একাংশ দোকানীয়ে দোকান খুলি সামগ্ৰী বিক্ৰী কৰি আছিল, লগত নাছিল সামাজিক দূৰত্বৰ নীতি-নিয়ম। মঙলবাৰে সেই স্থানত খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতিসহ আৰক্ষীৰ দল এটাই বাহাবাৰী গাঁৱত উপস্থিত হৈছিল।
উপস্থিত আৰক্ষীয়ে ভিৰ নকৰি তাত থকা লোকসকলক ঘৰলৈ যাবলৈ কোৱাত তাৰ মাজৰ পৰা খাইৰুল ইছলাম নামৰ বাহাবাৰী গাঁৱৰ এজন যুৱকে মালেক আলী নামৰ গৃহৰক্ষী জোৱান এজন শিলগুটি আৰু বাঁহেৰে আক্ৰমণ কৰে। পিছত যুৱকজনক আৰক্ষীয়ে আটক কৰি গোচৰ নং 234/21 U/S 188/270/294/353/325 ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে।