আজি ৰঙালী বিহুৰ তৃতীয় দিন। ৰাজ্যত এতিয়া উলহ-মালহেৰে হেঁপাহৰ বিহুটিক পালন কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে।
নিশা অনুষ্ঠিত হোৱা বিহু অনুষ্ঠানত শিল্পীসকলৰ গীত পৰিৱেশন চাবলৈ দৰ্শকে ভিৰ কৰিছে বিহুতলীত।
ৰঙালী বিহুটি আহিলে ৰাইজে মনত এটাই হেঁপাহ পুহি ৰাখে যে,
নিশা বিহু চাবলৈ গ’লে মঞ্চত কোন কোন শিল্পীক দেখা পাব?
কোনগৰাকী শিল্পীৰ গীত উপভোগ কৰিব?
যদি সেইখন বিহু মঞ্চত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব বুলি জানিবলৈ পায় তেন্তে কথাই নাই আৰু।
কাৰণ জুবিন সকলোৰে প্ৰিয় আৰু মৰমৰ!
হেঁপাহৰ বিহুটিত যদি জুবিনৰ গীত শুনিবলৈ নাপাই সেয়া তেওঁলোকৰ বাবে হয়টো খুবেই দুখঃজনক হ’ব।
কিন্তু সকলোৰে মৰমৰ কণ্ঠশিল্পীগৰাকীয়ে প্ৰতিবাৰে বিহু মঞ্চত এনে এক অদ্ভূট কাণ্ড কৰে।
যি কাণ্ডই প্ৰতিগৰাকীক অসমবাসীক এবাৰ হ’লেও ভাবিবলৈ বাধ্য কৰাই যে,
আচলতে জুবিন গাৰ্গে বিচাৰে কি?
সস্তীয়া জনপ্ৰিয়তা?
আমি কথাখিনি ঘূৰাই পকাই ক’বলৈ বিচৰা নাই। কেৱল জুবিনৰ পূৰ্বে কৰা কাণ্ডসমূহ স্মৰণ কৰাত এক সহযোগিতাহে আগবঢ়াইছোঁ।
ঘটনাটো এনেদৰে…
‘বঙাইগাঁৱৰ গান্ধী ময়দানত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ বিহু মঞ্চত উঠিল জুবিন গাৰ্গ।
তাৰ পিছত ‘মাজুলী’ গীতেৰে গীত পৰিৱেশন আৰম্ভ কৰিবলৈ ওলাল।
গীতটোৰ বাবে বাদ্যযন্ত্ৰ বাজি থকাৰ মাজত হঠাতে পাছফালে বহি থকা বাদ্যযন্ত্ৰীসকলক জুবিনে হাতেৰে ইংগিত দিলে বাদ্যযন্ত্ৰ বজোৱা বন্ধ কৰিবলৈ আৰু ক’লে-
‘এইখিনিতে কথা এটা পাহৰি গৈছিলো।
এটা শ্ৰদ্ধা জনাব বিচাৰিছোঁ।
আমাৰ এজন মহান ক্ৰিকেটাৰ কপিল দেৱে মৃত্যুবৰণ কৰিছে।
গতিকে সকলোৰে পৰা আৰু বঙাইগাঁওবাসী ৰাইজৰ ফালৰ পৰা এটা শ্ৰদ্ধা জনাব বিচাৰিছোঁ।
আমাৰ ফালৰ পৰা, বুকুৰ পৰা- We Love Kapil Dev, We Love Always।
এই ঘোষণাৰ পিছতে স্বাভাৱিক হৈ পুনৰ সুৰৰ তালে তালে গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিলে জুবিনে।
নিজৰ সংগীতানুষ্ঠানৰ মাজতে হঠাতে জুবিনে মঞ্চৰ পৰা কৰা এই ঘোষণাই স্তম্ভিত কৰি তোলে হাজাৰ হাজাৰ দৰ্শকক।
কিন্তু মঞ্চত গীত পৰিৱেশনৰ মাজতে হঠাৎ প্ৰাক্তন ক্ৰিকেটাৰজনৰ মৃত্যুক লৈ উৰা বাতৰি ক’ৰ পৰা পালে কণ্ঠশিল্পীগৰাকীয়ে?
কোনো সত্যতা বিচাৰ নকৰাকৈ ৰাজহুৱা মঞ্চত তেওঁ উৰা বাতৰি প্ৰচাৰ কৰা কাৰ্যই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে।
কিন্তু এইখিনিতেই এই কথাটো নকৈ নোৱাৰি যে,
প্ৰতিবাৰেই জুবিন গাৰ্গে বিহু মঞ্চত বিতৰ্কিত মন্তব্য বা বিতৰ্কিত কাণ্ডই কৰি আহিছে।
এইবাৰো সেই একেই দৃশ্য পৰিলক্ষিত হ’ল।
কিন্তু এইবাৰ জুবিনে কৰা কাণ্ড কিমান যুক্তিকৰ!
ৰাইজৰ মাজত ভুৱা বাতৰি প্ৰচাৰৰ অধিকাৰ কাৰো নাই, সেয়া জুবিনেই হওক বা অন্য কোনোবা হওক।
Photo: Headline8