পৃথিৱীৰ ৭টা আশ্চৰ্যকৰ ভিতৰৰ এটা তাজমহলত বোমা পোৱাৰ খবৰ পোৱা গৈছে, কিন্তু এই খবৰ ভুৱা ওলাল।
কিন্তু বোমাৰ খবৰ পোৱাৰ পিছত ভিতৰত থকা পৰ্যটকসকলক বাহিৰলৈ উলিয়াই দিয়া হয় আৰু তাজমহলৰ দুয়োখন দুৱাৰ বন্ধ কৰি দিয়া হয়।
আৰক্ষীক এজন অজ্ঞাত লোকে ফোনত বিস্ফোৰক ৰখাৰ খবৰ দিছিল আৰু এতিয়া লোকজনক জিম্মাত লোৱা হৈছে।
সোধাপোছা কৰোতে যুৱকজনে ক’লে যে সি চাকৰি নোপোৱা বাবে অশান্তিত ভুগিছিল।
কিন্তু এতিয়া পুনৰ তাজমহল খুলি দিয়া হৈছে।
তাজমহলত চলোৱা হৈছে সন্ধান অভিযান
বোমাৰ খবৰ পোৱা মাত্ৰকেই তাজমহল পৰিসৰত CISFক নিয়োজিত কৰা হৈছে।
সূত্ৰ অনুসৰি বৰ্তমান সমগ্ৰ তাজমহলত সন্ধান অভিযান চলোৱা হৈছে।
এই ঘটনাৰ পিছতে অঞ্চলটোত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
আগৰাৰ আইজি এ সতীশ গণেশে ক’লে যে বোমা পোৱাৰ খবৰ ভুৱা হয়।
সৈনিকত ভৰ্তি হ’ব পৰা নাছিল যুৱকজন
আগৰাৰ লোহামণ্ডী থানাত উত্তৰ প্ৰদেশ আৰক্ষীয়ে বোমাৰ খবৰ দিছিল।
আগৰাত প্ৰট’কল এছপি শিৱৰাম যাদৱে ক’লে যে ফোন কৰি বোমা থকাৰ খবৰ দিয়া যুৱকজন ফিৰোজাবাদৰ বাসিন্দা আৰু যুৱকজন সৈনিকত ভৰ্তি স্থগিত হোৱাৰ বাবে ক্ষুব্ধ হৈছিল।
শিৱৰাম যাদৱে ক’লে যে ফোন কল কৰাৰ পিছত আৰক্ষীয়ে নম্বৰটো ট্ৰেক কৰা যুৱকজনক আৰক্ষীয়ে জিম্মাত লয়।
Photo: Google