অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ অধীনত পশ্চিম গুৱাহাটীৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত কামৰূপ জিলাৰ হাজো অঞ্চলত খলিহামাৰি গাওঁত ৮ জুনত বৰোধানৰ যান্ত্ৰিক ভাবে শস্য ছপোৱা কাৰ্যসূচী উদ্ধোধন কৰা হয়।
সেই অঞ্চলত বিনা ধান – ১১ ৰ প্ৰায় ৪০ বিঘা মাটিৰ খেতি কৰা হয়। কৃষি যান্ত্ৰিক পদ্ধতি সমূহৰ প্ৰতি কৃষক ৰাইজৰ উৎসাহ আগবঢ়োৱা উদ্দেশ্য কথা বিষদভাৱে বুজাই সভাৰ আঁত ধৰে কৃষি বিজ্ঞান কেন্দ্ৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ডঃ ধীৰেন্দ্ৰনাথ কলিতাই। অনুষ্ঠানত হাজো অঞ্চলৰ কৃষি উন্নয়ন বিষয়া কাশ্যপ পৰাগ বেজবৰুৱাই কৃষি খণ্ডত চৰকাৰে সুবিধা দিয়া বিভিন্ন আঁচনি আৰু প্ৰকল্পসমূহৰ বিষয়ে কৃষক ৰাইজক অৱগত কৰে। কম্বাইন হাৰভেষ্টাৰ দুৱৰা ধান কটা কাৰ্য্য উদ্যধন কৰে অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতাই। সভাত আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডঃ সূৰ্যকান্ত কাণ্ডাই আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ পথাৰ শস্যৰ বিষয় বস্তু বিশেষজ্ঞ ৰিজৱামূল হেলিম সমল ব্যক্তি ৰূপে উপস্থিত থাকে।
সভাত আপাৰ্ট প্ৰকল্পৰ প্ৰকল্প সহযোগী ডঃ মুনমী বৰা আৰু কাৰিকৰী গৱেষক অনন্ত গগৈ আৰু অৰূপজ্যোতি কাকতিয়ে সভাত কৃষক সকলক বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্ম কৰি কিদৰে কম দিনতে আৰ্থিক ভাবে স্বাৱলম্বী হব পাৰি তাৰ ওপৰত আলোকপাত কৰে। আনহাতে ডেৰ শতাধিক কৃষকৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰকল্প সহযোগী বিজ্ঞানী নাইনা গোস্বামীয়ে।