কোভিড সংক্ৰমণৰ মাজতে ৰাজ্যৰ বাবে আহিছে আন এক উদ্বেগজনক খবৰ। অসমত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা। কামৰূপ জিলা এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কোষৰ উদ্যোগত অনুষ্ঠিত এক কৰ্মশালাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।
আমিনগাওঁ যুৱ বিকাশ কেন্দ্ৰত অনুষ্ঠিত উক্ত কৰ্মশালাত জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াই সদৰি কৰে যে, বিগত ৩১ অক্টোৱৰ পৰ্যন্ত ৰাজ্যত মুঠ ২০,৮৪১ গৰাকী লোকৰ দেহত ধৰা পৰিছে এইডছ। এই ২০, ৮৪১ গৰাকী এইডছ আক্ৰান্তৰ লোকৰ ভিতৰত আছে ১,৮১১ গৰাকী গৰ্ভৱতী মহিলা।
উল্লেখ্য যে, কেৱল কামৰূপ জিলাতে আছে ৩৫৮ গৰাকী এইডছ আক্ৰান্ত ৰোগী। শেহতীয়াকৈ ৰাজ্যৰ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ হোৱাৰ পিছতে এইডছ আক্ৰান্তৰ এই ভয়াবহ ছবিখন পোহৰলৈ আহিছে।