অভিনেত্ৰী আইমী বৰুৱাৰ ভিডিঅ’ বিকৃত ৰূপত সংবাদ মাধ্যমত উপস্থাপন কৰা মাষ্টাৰমাইণ্ড সাংবাদিকৰ বিৰুদ্ধে এগৰাকী সাংবাদিকে গোচৰ ৰুজু কৰে।
সাংবাদিক তুলসী মান্তাই নজৰুল ইছলাম নামৰ এগৰাকী সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
জাগীৰোডৰ সাংবাদিক নজৰুল ইছলামেই হ’ল মাষ্টাৰমাইণ্ড যিয়ে আইমী বৰুৱাৰ ভিডিঅ’ বিকৃত ৰূপত স্থাপন কৰিছিল।
প্ৰাগ নিউজৰ সাংবাদিক তুলসী মান্তাই জনোৱা অনুসৰি, পিয়ুষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ সভাত পিয়ুষ হাজৰিকাই গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংবাদিকসকলক নিমন্ত্ৰণ জনাইছিল।
আৰু সেই নিমন্ত্ৰণ অনুসৰি উপস্থিত হৈছিলো।
মোৰ এগৰাকী সতীৰ্থ সাংবাদিকে পিয়ুষ হাজৰিকাৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰ চলোৱা সভাত আইমী বৰুৱাই ‘কা’ সন্দৰ্ভত কৰা UNCUT ভিডিঅ’ ৰেকডিং কৰিছিল।
সেই ভিডিঅ’টো গুৱাহাটী প্ৰেছ ক্লাৱৰ গ্ৰুপত শ্বেয়াৰ কৰিছিল।
কিন্তু মোৰ চেনেলে সেই ভিডিঅ’টো সম্প্ৰচাৰ কৰা নাছিল।
পিছত সাংবাদিক নজৰুল ইছলামে সেই ভিডিঅ’টো মোৰ পৰা বিচাৰিছিল আৰু মই সেই UNCUT ভিডিঅ’টো হোৱাটছএপযোগে তেওঁলৈ প্ৰেৰণ কৰিছিলো।
কিন্তু পিছত যেতিয়া মই ভিডিঅ’টো সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱা প্ৰত্যক্ষ কৰো তেতিয়া মই হতভম্ব হৈ পৰো।
কাৰণ ভিডিঅ’টো সম্প্ৰচাৰিত কৰিছিল সম্পূৰ্ণৰূপে বিকৃত ৰূপত।
ইয়াৰ পিছতে সাংবাদিক তুলসী মান্তাই নজৰুল ইছলামৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে।
আৰু ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী জনায়।
উল্লেখ্য শেহতীয়াকৈ অভিনেত্ৰী আইমী বৰুৱাৰ এটা ভিডিঅ’ই ছচিয়েল মিডিয়াত তোলপাৰ লগাইছিল।
বিগত ২৫ মাৰ্চত আইমীয়ে ৰাজহুৱা সভাত কৰা এক মন্তব্যকলৈ সৰ্বত্ৰে চলিছিল চৰ্চা।
স্বামী পিয়ুষ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ অভিনেত্ৰীগৰাকীয়ে ‘কা’ সন্দৰ্ভত কৰিছিল বিশেষ মন্তব্য।
কিন্তু সেই বিশেষ মন্তব্যক বিকৃত ৰূপত উপস্থাপন কৰি একাংশ সংবাদ মাধ্যমে আইমী বৰুৱাক ৰাইজৰ আগত কৰিছিল উপলুঙা।
আইমী বৰুৱাই সভাত CAA প্ৰসংগত ঠিক এনেদৰে মন্তব্য প্ৰদান কৰিছিল- ‘অসম তথা ভাৰতত বসবাস কৰি থকা বঙালী সম্প্ৰদায়ৰ লোকসকলক ‘কা’ বা নাগৰিকত্ব সংশোধনী আইন নামানিলে অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হ’ব।’
কিন্তু একাংশ সংবাদ মাধ্যমে ইয়াক বিকৃত ৰূপত উপস্থাপন কৰি প্ৰচাৰ চলাইছিল ঠিক এনেদৰে- ‘কা নমনা লোক সকলক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হ’ব’।
Photo: Google