• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিতৰ্কত সাঙুৰ খাই পৰিছে আইমী বৰুৱাৰ ‘চেমখৰ’

ছচিয়েল মিডিয়াত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

নিউজ ডেস্ক by নিউজ ডেস্ক
September 30, 2022
in সংবাদ, অসম, মনোৰঞ্জন
1 min read
0
বিতৰ্কত সাঙুৰ খাই পৰিছে আইমী বৰুৱাৰ ‘চেমখৰ’
Share on FacebookShare on Twitter
অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালনাত যোৱা ২০২০ চনতেই “চেমখৰ” নামৰ এখন বোলছবি নিৰ্মাণ কৰা হয়। ছবিখনে মুক্তিৰ পূৰ্বে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কেইবাটাও বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অসমত ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰি প্ৰিমিয়াৰ শ্ব’ও প্ৰদৰ্শন কৰা হয়। শেহতীয়াকৈ কিছুদিন ধৰি সামাজিক মাধ্যমত বিতৰ্কত সাঙুৰ খাই পৰিছে আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত ‘চেমখৰ’ নামৰ ছবিখন।
ডিমা হাছাও জিলাৰ বিভিন্ন দল-সংগঠনে চলচ্চিত্ৰখনক লৈ তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। আইমী বৰুৱাৰ ‘চেমখৰ’ ছবিত দেখুওৱা হৈছে চেমখৰ জনগোষ্ঠীৰ এখন আদিম গাঁও। য’ত কন্যা সন্তান জন্ম দি মাকৰ মৃত্যু হ’লে সন্তানটিক জীৱন্তে মাটিত পুতি পেলোৱা হয়। ডিমাছা লোকৰ দাবী যে চেমখৰ নামৰ নিৰ্মিত ছবিখনে কেৱল গাঁওখনকে নহয়, সমগ্ৰ খিলঞ্জীয়া ডিমাছা জনজাতিক বিশ্বৰ আগত ভুলকৈ প্ৰতিষ্ঠা কৰা হৈছে। তেওঁলোকৰ অভিযোগ যে ছবিখনে ডিমাছা জনগোষ্ঠীক বৰ্বৰ জাতি হিচাপে বিশ্ববাসীৰ আগত তুলি ধৰিছে।ছবিখনৰ বিৰুদ্ধে ডিমাছা জনগোষ্ঠীৰ এজন নেতাই অলপতে পৰিচালক আইমী বৰুৱাৰ বিৰুদ্ধে হাফলং আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰে।
আনহাতে শেহতীয়াকৈ সামাজিক মাধ্যমত চেমখৰ ছবিত অভিনয় কৰোৱা তিনিমহীয়া কেচুৱা ক্লেৰিনৰ দৃশ্য গ্ৰহণৰ দ্বিতীয় দিনাই মৃত্যুৰ বাতৰিয়ে সকলোকে শোকত পেলাইছে। এই ক্ষেত্ৰত বহু ব্যক্তিয়ে চেমখৰ ছবিৰ পৰিচালক আইমী বৰুৱাক দায়ী কৰিব বিচাৰে। ইফালে, চেমখৰ ছবিখনক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আইমী বৰুৱাই। ছবিখনৰ কাহিনীভাগ ঠাইখনক আধাৰ হিচাপে লৈ আগবঢ়াই নিয়া হৈছে যদিও ইয়াৰ কাহিনী সকলো ফালৰ পৰাই কাল্পনিক বুলি উল্লেখ কৰিছে আইমীয়ে।
ছচিয়েল মিডিয়াত আইমী বৰুৱাই লিখিছে–‘‘চেমখৰ ছবিখন কিছু কাকত-গ্ৰন্থ-আলোচনী আৰু কিছু ব্যক্তিৰ পৰা লাভ কৰা তথ্যৰে ঠাইখনক জানিবলৈ আমি আধাৰ হিচাবে লৈ কাহিনী ভাগ আগবঢ়াই নিছো যদিও, ইয়াৰ কাহিনী সকলো ফালৰ পৰাই সম্পূৰ্ণ কাল্পনিক। ছবিখনৰ জৰিয়তে আমি কেতিয়াও কাৰো আৱেগ-স্বাভিমানক আঘাত কৰিব বিচৰা নাই। কেৱল মাত্ৰ ঠাইখিনিৰ সৌন্দৰ্য, স্থানীয় ভাষা, সাজ-পাৰ আদিক সমাজৰ দৃষ্টি আৰ্কষণ কৰা প্ৰয়াস কৰিছিলোঁ। তথাপিও যদি কাৰোবাক কোনো ক্ষেত্ৰত আঘাত দিছোঁ তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী।’’
Previous Post

ধুবুৰীত নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়াৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত

Next Post

সকলো মহিলাৰেই গৰ্ভপাত কৰোৱাৰ অধিকাৰ আছেঃ উচ্চতম ন্যায়ালয়

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সকলো মহিলাৰেই গৰ্ভপাত কৰোৱাৰ অধিকাৰ আছেঃ উচ্চতম ন্যায়ালয়

সকলো মহিলাৰেই গৰ্ভপাত কৰোৱাৰ অধিকাৰ আছেঃ উচ্চতম ন্যায়ালয়

অসমত HDFC বেংকৰ প্ৰথমটো মহিলা শাখা উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে

অসমত HDFC বেংকৰ প্ৰথমটো মহিলা শাখা উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এছিয়া আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত জিলিকিল অসমৰ চানষ্টোনৰ শিক্ষাৰ্থী

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এছিয়া আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত জিলিকিল অসমৰ চানষ্টোনৰ শিক্ষাৰ্থী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8