ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ NCC দিৱসৰ লগত সংগতি ৰাখি NCCৰ বায়ু শাখাৰ গুৱাহাটীস্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্রণ NCC ইউনিটৰ কেডেট সকলে ২৭ নৱেম্বৰত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা যুদ্ধ স্মাৰকত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিক সকলক সোঁৱৰণ কৰে।
এই উপলক্ষে ৫০ আসাম এয়াৰ স্কোৱাদ্রণ NCC ইউনিটৰ কমাণ্ডিং অফিচাৰ উয়ং কমাণ্ডাৰ হুভে উপাধ্যায়ৰ নেতৃত্বত প্ৰায় ৫০ জন কেডেটে যুদ্ধ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰে। যি স্মাৰক ক্ষেত্ৰ যুদ্ধৰ সময়ত দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা সেই মহান সৈনিকসকলৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল। সৈনিক সকলৰ সেই মহান বলিদানক সন্মান জনোৱাৰ বাবে কেডেট সকলে অমৰ জোৱান জ্যোতিত শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ উপৰিও মহান সৈনিকসকলক সোঁৱৰণ কৰাৰ বাবে এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হয়।