আজিৰে পৰা টাটা গ্ৰুপৰ অধীনলৈ আহিব এয়াৰ ইণ্ডিয়া। টাটা গ্ৰুপলৈ এয়াৰ ইণ্ডিয়াক হস্তান্তৰৰ কাম সমাপন কৰিবলৈ সাজু হৈছে দুই পক্ষ। ২০২১ বৰ্ষৰ অক্টোবৰ মাহত টাটা গ্ৰুপৰ হোল্ডিং কোম্পানীৰ সহায়ক কোম্পানী টেলেচ প্ৰাইভেট লিমিটেডে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১৮,০০০ কোটি টকাত মহাৰাজা অধিগ্ৰহণ কৰাৰ নিবিদা লাভ কৰিছিল। উল্লেখ্য যে, ইয়াৰ ভিতৰত ১৫ শতাংশ চৰকাৰৰ হাতলৈ যাব আৰু বাকীখিনি ধনেৰে ঋণ পৰিশোধ কৰা হ’ব।
খবৰ অনুসৰি, এয়াৰ ইণ্ডিয়াই পদত্যাগ কৰাৰ পিছত এখন নতুন বোৰ্ড গঠন কৰা হ’ব। টাটা গ্ৰুপে বিশ্বব্যাপী বিমান উদ্যোগৰ পৰা এজন অভিজ্ঞ লোকক এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়াৰ বাবে আলোচনা কৰি আছে। লগতে, টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াৰ আধুনীকিকৰণৰ বাবে এয়াৰলাইনৰ কাৰ্যকৰীতা আৰু সেৱাৰ মান উন্নত কৰিবলৈ ১০০ দিনীয়া এক পৰিকল্পনা প্ৰস্তুত কৰি আছে।