ভাৰতীয় বায়ু সেনাৰ শ্বিলংস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী তথা এয়াৰ অফিচাৰ কমাণ্ডিং ইন চিফ, এয়াৰ মাৰ্শ্বেল এছ পি ধাৰকৰে ৫ ডিচেম্বৰত বৰঝাৰস্থিত ভাৰতীয় বায়ু সেনাৰ চাউনি পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত চাউনিত তেওঁক আদৰণি জনায় বৰঝাৰৰ বায়ু সেনা চাউনিৰ এয়াৰ অফিচাৰ কমাণ্ডিং, এয়াৰ কম’ডৰ অতুল সাগৰে।
আনহাতে পৰিদৰ্শন কালত এয়াৰ মাৰ্শ্বেল ধাৰকৰে বায়ু সেনা চাউনিত থকা বিভিন্ন ইউনিট পৰিদৰ্শন কৰি তাৰ দায়িত্ববাহী বিষয়া – জোৱান আৰু কৰ্মচাৰী সকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ উপৰিও ধাৰকৰে অভিযানত ব্যৱহাৰ হোৱাকৈ চাউনিত মজুত কৰি ৰখা বিভিন্ন শ্ৰেণীৰ বিমান, সামগ্ৰী, সা – সঁজুলি আদিৰ বুজ লয় আৰু যিকোনো পৰিস্থিতিৰ সন্মুখীন হলে তাক মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ আহ্বান জনায়। আনহাতে পৰিদৰ্শন উপলক্ষে অনুষ্ঠিত অক্টোবৰ অনুষ্ঠানত এছ পি ধাৰকৰে উপস্থিত সকলোকে সম্বোধন কৰাৰ লগতে ভাল কাম কৰা সকলক প্ৰশংসা কৰে।