ভাৰতী এয়াৰটেল (“এয়াৰটেল’’)ভাৰতৰ অন্যতম আগশাৰীৰ দূৰসংযোগ সেৱা প্ৰদানকাৰী, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ১২৩খন জিলাত হোম ৱাই-ফাই সেৱা সম্প্ৰসাৰণৰ আজি ঘোষণা কৰে। এই সম্প্ৰসাৰণে এই অঞ্চলৰ অতিৰিক্ত ১৬ লাখ নতুন পৰিয়ালক সংযোজন কৰিব। হাই স্পীড নিৰ্ভৰযোগ্য ইন্টাৰনেট সেৱাৰ উপৰিও এয়াৰটেল ৱাই- ফাই গ্রাহকে ২২+ অটিটি (OTT) সেৱা আৰু ৩৫০+টিভি চেনেলৰ সুবিধা সমূহ লাভ কৰে। গ্ৰাহকে এয়াৰটেল থেংকচ এপ ব্যৱহাৰ কৰি নাইবা ৮১৩০১৮১৩০১ নম্বৰত ফোন কৰি এয়াৰটেল ৱাই-ফাই বুকিং কৰিব পাৰে।
ৰাজনীশ ভাৰ্মা , ভাৰতী এয়াৰটেলৰ মুখ্য কাৰ্যবাহী বিষয়া, অসম আৰু উত্তৰ-পূৰ্বাঞ্চল, কয় যে- ‘’মই এই কথা জনাবলৈ পাই সুখী যে এয়াৰটেল ৱাই-ফাই এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো স্থানতে উপলব্ধ হব। এয়াৰটেল ৱাই-ফাইৰ জৰিয়তে গ্ৰাহকে প্ৰতিমাহে ৬৯৯ টকাৰ পৰা আৰম্ভ কৰি ২২টাতকৈও অধিক অটিটি(OTT), ৩৫০+ টেলিভিছন চেনেল আৰু নিৰ্ভৰযোগ্য হাই-স্পীড ৱাই-ফাই সেৱাকে ধৰি বহুতো মনোৰঞ্জনৰ বিকল্প উপভোগ কৰিব পাৰিব। আমি আশা কৰোঁ গ্ৰাহকে ইয়াৰ সৰ্বোত্তম ব্যৱহাৰ কৰিব আৰু অন্তহীন মনোৰঞ্জন উপভোগ কৰিব।”
অসম আৰু উত্তৰ-পূবৰ গ্ৰাহকে নেটফ্লিক্স, এমাজন প্ৰাইম, এক্সষ্ট্ৰিমকে ধৰি কিছুমান আগশাৰীৰ অ’টিটি (OTT ) প্লেটফৰ্ম আৰু চনীলিভ( SonyLiv), জেই৫(Zee5), এএল টিবালাজী(ALT Balaji ) আদি শীৰ্ষ চেনেলৰ সীমাহীন সুবিধা লাভ কৰিব পাৰিব।