• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দীপৰ বিলৰ পাৰত পতিত মাটিত সেউজ বিপ্লব গঢ়াত ব্যস্ত এজাক ডেকা

নিউজ ডেস্ক by নিউজ ডেস্ক
December 4, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
দীপৰ বিলৰ পাৰত পতিত মাটিত সেউজ বিপ্লব গঢ়াত ব্যস্ত এজাক ডেকা
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ দীপৰ বিলৰ দক্ষিণ পাৰত থকা চকৰদৌ, পামহী আদি অঞ্চলৰ কেবাজনো উদ্যমী যুৱকে কিছুদিন ধৰি দীপৰ বিলৰ পাৰত থকা ম্যাদি কিন্ত বছৰ বছৰ ধৰি পতিত শেহতীয়াকৈ সেউজ বিপ্লৱৰ সপোন গঢ়াত ব্যস্ত হৈ পৰিছে। বিশেষকৈ দীপৰ বিলৰ সংৰক্ষণ আৰু বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে কাম কৰি অহা দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তথা চকৰদৌ কলিতাপাৰাৰ বাসিন্দা প্ৰমোদ কলিতা, সহকাৰী সম্পাদক তথা পামহীৰ বাসিন্দা সুশীল টেৰণ, কৰ্মকর্তা বিৰাজ কলিতা (পৱন ), বলেন কলিতাকে ধৰি কেবাজনো যুৱকে বহু বছৰ ধৰি খেতি নকৰা তেওঁলোকৰ পৰিয়ালৰ সমূহৰ নামত থকা প্ৰায় ৫০.বিঘাৰো অধিক পতিত মাটিত টেক্টৰ লৈ নামি পৰিছে কৃষিকৰ্মত।

এই ক্ষেত্ৰত আগভাগ লোৱা প্ৰমোদ কলিতা আৰু সুশীল টেৰণে জানিবলৈ দিয়া মতে তেওঁলোকে সম্প্ৰতি দুখন টেক্টৰৰে প্ৰায় ৫০.বিঘা মাটি চহ কৰি তাত সৰিয়হৰ বীজ সিঁচাৰ লগতে সমান্তৰালভাৱে তাত এতিয়া ৰঙালাওৰ খেতিও আৰম্ভ কৰিব। কিন্তু টেক্টৰৰে চহ কৰাৰ সময়ত প্লাষ্টিক, পলিথিনকে ধৰি মানৱ শৰীৰকে ধৰি জীৱ জন্তুৰ ক্ষতিকাৰক বিভিন্ন আৱৰ্জনা, সুৰাৰ বটল আদিয়ে ভীষণ অসুবিধাত পেলাইছে। ইফালে পশ্চিম দীপৰ বিল সংযোগী পামহী কেনেলৰে অহৰহ ভাবে আহি থকা গুৱাহাটীৰ দূষিত পানী আৰু কেনেলৰ দাঁতিত পশ্চিম বৰাগাঁওৰ বেলৰতলত গুৱাহাটী পৌৰ নিগমে বিগত বৰ্ষৰ আগষ্ট মাহত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডৰ বাবে দীপৰ বিলৰ পানী ভয়াবহ ভাবে প্ৰদূষিত হৈ পৰিছে। ফলত পূৰ্বৰ দৰে বিললৈ নহা হৈছে বনৰীয়া হাতী আৰু দেশী – বিদেশী পৰিভ্ৰমী চৰাই। আগতে বিললৈ নিয়মীয়াকৈ হাতী অহা যোৱা কৰা বাবে মানুহে খেতি কৰিবলৈ বাদ দিছিল। কিন্ত এতিয়া পূৰ্বৰ দৰে হাতী নহা বাবে তাৰ সুযোগ লৈ খৰালি কালত পতিত মাটি সমূহত ঋতুকালীন খেতি কৰি ডেকাচামে প্রথম বাৰৰ বাবে সেউজ সপোন ৰচাৰ কাম আৰম্ভ কৰিছে বুলি প্ৰমোদ কলিতা, সুশীল টেৰণে সদৰি কৰিছে। অৱশ্যে এইক্ষেত্ৰত পৰিয়ালৰ সদস্য সকলেও সকলো দিশতে সহায়ৰ হাত আগবঢ়াইছে।

অহা বহাগ বিহুৰ সময়লৈকে অৰ্থাৎ বাৰিষাৰ আগলৈকে সেই মাটিত সৰিয়হ , ৰঙালাওকে ধৰি বিভিন্ন ঋতুকালীন শাক – পাচলিৰ খেতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই খেতি কৰা হব গৰুৰ গোবৰ অৰ্থাৎ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে। অৱশ্যে কৃষি কৰ্মৰ সমান্তৰাল ভাৱে তেওঁলোকে দীপৰ বিলখনক প্ৰদূষণমুক্ত কৰাৰ লক্ষৰে নিতৌ ব্যস্ত হৈ আছে চাফাই অভিযানত।

Previous Post

বিশ্বৰ দৰবাৰত উজলিল অসমৰ নাম

Next Post

মহিলা শিপিনীক সৱলীকৰণৰ লক্ষ্যৰে বোৱা – কটা সমবায় সমিতিক চাৰি কোটি টকাৰ অনুদান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মহিলা শিপিনীক সৱলীকৰণৰ লক্ষ্যৰে বোৱা – কটা সমবায় সমিতিক চাৰি কোটি টকাৰ অনুদান

মহিলা শিপিনীক সৱলীকৰণৰ লক্ষ্যৰে বোৱা - কটা সমবায় সমিতিক চাৰি কোটি টকাৰ অনুদান

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

হিজাব পৰিধান নকৰাৰ বাবেই গৃহ উচ্ছেদ খেলুৱৈৰ!

হিজাব পৰিধান নকৰাৰ বাবেই গৃহ উচ্ছেদ খেলুৱৈৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8