পুনৰ উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ ১১ ফেব্ৰুৱাৰীত গ্ৰহণ কৰিব অসমৰ কৃষক নেতা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ জামিন আবেদনৰ শুনানি।
জানিব পৰা মতে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্ত, এন ভি ৰমন্না আৰু অনিৰুদ্ধে বসুৰ তিনিজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব।
উল্লেখ্য, গুৱাহাটী উচ্চ ন্যায়ালয়ে ৭ জানুৱাৰীত কৃষক নেতাজনৰ জামিন আবেদন খাৰিজ কৰাৰ পিছতেই উচ্চতম ন্যায়ালয়ত গগৈৰ অধিবক্তা ৰুণা ভূঞাই উক্ত জামিন আবেদন দাখিল কৰিছিল ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰেৰে গঠিত খণ্ড বিচাৰ পীঠখনে দীর্ঘ দিন ধৰি শুনানি গ্রহণ কৰাৰ অন্তত চলিত বৰ্ষৰ ৭ জানুৱাৰীত গগৈৰ জামিন আবেদনখন নাকচ কৰিছিল ৷
প্ৰতিবাদৰ নামত দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি প্রদান কৰাৰ লগতে দেশ-বিৰোধী সংগঠনৰে সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি নিয়াই গোচৰ তৰিছিল যাৰবাবে আদালতে গগৈক আজিলৈ জামিন প্রদান কৰা নাই৷