NIA ৰ সকলো গোচৰৰ পৰা দোষমুক্ত ঘোষিত হৈ আজি মুুকলি আকাশৰ তললৈ আহিয়ে অখিল গগৈ উপস্থিত হয় ‘কা’ আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ ঘৰত।
শ্বহীদ ছেম ষ্টেফৰ্ডৰ প্ৰতিচ্ছবিত সেৱা জনাই বিধায়ক হিচাপে অখিল গগৈয়ে তেওঁৰ পৰিয়ালক নিজৰ প্ৰথম দৰমহাৰ পৰা পঞ্চাশ হাজাৰ টকাৰ এককালীন সাহাৰ্য্য প্ৰদান কৰে।
ছেমৰ ন্যায় প্ৰাপ্তিৰ বাবে চলা ন্যায়িক যুঁজৰ সকলো খৰছ তেওঁ বহন কৰিব বুলিও ঘোষণা কৰে শিৱসাগৰৰ বিধায়কজনে।