কা’ বিৰোধী অন্দোলনত নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক বিগত ২০১৯ বৰ্ষৰ ১২ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল।
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত পুৱা ১০.৩০ বজাত অখিল গগৈৰ জামিন প্ৰসংগত ৰায়দান চলি আছিল।
কিন্তু আজিও জামিন লাভ নকৰিলে অখিল গগৈয়ে ।
অখিল গগৈয়ে NIAৰ বিৰুদ্ধে আদালতত আবেদন জনাইছিল যদিও আদালতে তেওঁৰ আবেদন নাকচ কৰিছিল।
তাৰ পিছতে অখিল গগৈয়ে ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল।
আজি আদালতে এই গোচৰটোৰ ৰায়দান দিয়াৰ কথা আছিল যদিও পুনৰ অখিল গগৈৰ জামিন নাকচ কৰে উচ্চ ন্যায়ালয়ে।
উল্লেখ্য,পুনৰ অখিল গগৈৰ জামিনৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই NIA-এ।
ইফালে জামিন লাভ নকৰা সন্দৰ্ভত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
অখিল গগৈয়ে জামিন লাভ নকৰা খবৰে মাতৃ প্ৰিয়দা গগৈক যথেষ্ট দুখ দিছে। কান্দি কান্দি ভাগৰি পৰিছে এতিয়া অখিলৰ মাতৃ।
মাতৃ প্ৰিয়দা গগৈয়ে কান্দি কান্দি কয় যে, ‘মোক গুলীয়াই মাৰি পেলা। তাকো মাৰ, মোকো মাৰ ।
আমাৰ পৰিয়ালটোক গুলীয়াই মাৰি পেলা । অখিলক মাৰি পেলা, তাক মাৰি তহতে ৰাজভাত খা।’
কান্দি কান্দি তেওঁ ক’লে যে সি কি বেয়া কাম কৰিলে। চুৰ কৰিলে নে ডকাইতি ।
কি কাৰণে তহতে টকা খাই খাই ল’ৰাটোক এৰি দিয়া নাই। নালাগে সি ৰাজশাসন কৰিব গুলীমাৰি দে তাক।’
উল্লেখ্য, তেওঁৰ নামত ১০ টাতকৈ অধিক গোচৰত কৃষক নেতা গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।
আনকি অখিল গগৈক দুটা গোচৰত এন আই এয়ে মাওবাদীৰ সৈতে জড়িত থকা বুলিও উল্লেখ কৰিছে।
ইয়াৰে চানমাৰি থানাৰ পৰা এন আই এলৈ হস্তান্তৰ হোৱা গোচৰটোৰ বাহিৰে বাকী আটাইকেইটা গোচৰৰ পৰা ইতিমধ্যে তেওঁ জামিন লাভ কৰিছে।
Photo: Google