ঈশ্বৰে শুনিলেও তেওঁলোকে নুশুনে।
অপৰাধ চাগে ইমানো গুৰুতৰ নাছিল!
তথাপি এটাৰ পিছত এটা গোচৰ ৰুজু কৰি দিনৰ পিছত দিন, মাহৰ পাছত মাহ তেওঁক বন্দী কৰা ৰখা হৈছে।
‘কা’ আন্দোলন কৰা বহুতে এতিয়া ৰাজনৈতিক জীৱন আৰম্ভ কৰি নিজৰ পথ প্ৰশস্ত কৰি লৈছে।
কিন্তু অখিল গগৈ এতিয়াও কাৰাবন্দী।
শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে মাওবাদী হোৱাৰ অভিযোগ উঠিছে।
বৃহস্পতিবাৰে আকৌ শুনানি হৈছিল।
গুৱাহাটী উচ্চ ন্যায়ালয়ে ন্যায় ব্যৱস্থাৰ দোহাই দি পুনৰ এবাৰ বন্ধ কৰিলে তেওঁ মুকলি আকাশৰ তললৈ ওলাই অহাৰ বাট!
দুদিন পূৰ্বে ৰুগ্ন মাতৃয়ে ৰুগীয়া দেহাৰেই চেলেংহাট লুসুৰাখন গাঁৱৰ নামঘৰৰ গুৰু আসনৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুত্ৰ ঘূৰি অহাৰ প্ৰাৰ্থনা জনাইছিল।
ঈশ্বৰে হয়টো ৰুগীয়া মাতৃৰ কাতৰ আহ্বান শুনিছিল।
কিন্তু আজি যিসকলে ঈশ্বৰকে টানি আনি ৰাজনীতিৰ খেল খেলিছে, তেওঁলোকৰ হাতোৰাৰ পৰা পুত্ৰক ঈশ্বৰেই বা মুক্ত কৰিব পাৰে কেনেকৈ?
পিতৃ কাৰাগাৰৰ বন্ধ কুঠৰীত। এবছৰেই পুত্ৰই দেখা নাই পিতৃৰ মুখখন।
পিতৃৰ সৈতে সি পথাৰত ধান দাবলৈ যোৱাৰ কথা আছিল।
পিছে আঘোণ পাৰ হ’ল, কাৰাবন্দী পিতৃৰ দুহাত লোহাৰ শিকলিৰ পৰা মুক্ত নহ’ল।
পত্নীয়ে মাজে মাজে দেখিছে তেওঁৰ মুখখন।
তেওঁ নোহোৱাৰ যন্ত্ৰণাখিনি বুকুত সামৰি মানুহৰ আগত সবল হোৱাৰ অভিনয় কৰি আহিছে পত্নীয়ে।
সকলোৰে মনত আশা এটা জাগিছিল, তেওঁ এইবাৰ উভতিব।
সকলোৱে ভাবিছিল- দুদিন জিৰণি লৈ তেওঁ আকৌ এবাৰ মানুহৰ হকে মাত মাতিব।
তেওঁ অহালৈ পদূলিত বাট চাইছিল মাতৃয়ে, উচপিচাইছিল পত্নী আৰু পুত্ৰৰ মনো।
উৰুকাৰ নিশা এসাজ লগে ভাগে খাব বুলি কৰা আশা, আশা হৈয়ে থাকিল তেওঁলোকৰ।
কিন্তু সপোন যে কাঁচৰ ঘৰ! ন্যায়ালয়ে খাৰিজ কৰিলে তেওঁৰ জামিন আবেদন।
পৰিচয় তেওঁৰ সলনি নহল। তেওঁ এতিয়াও কয়দী!
মাতৃয়ে দুখৰ চকুপানী খিনি মচি এতিয়া কৈ উঠিছে- ‘তাক গুলীয়াই মাৰক।
আমাক গুলীয়াই মাৰক।
তাৰ পুত্ৰ-পত্নীক গুলীয়াই মাৰক। মাথো সিহঁতে সুখত থাকক।’
মাতৃয়ে কান্দি কান্দি কৈছে- ‘সি মাওবাদী নাছিল।
সিহঁতে তাক মাওবাদী সজাব বিচাৰিছে। তেনেকৈয়ে তাক শেষ কৰিব বিচাৰিছে।’
এজন মানুহলৈ কিয় ইমান ভয় তেওঁলোকৰ? এই প্ৰশ্নই এতিয়া প্ৰতিজন সচেতন লোকক জোকাৰিছে।
কিন্তু এই কথা সকলোৱে জানে নিজকে শক্তিশালী বুলি দাবী কৰা এই বিশেষ শ্ৰেণীটোৱে এজন প্ৰকৃত অসমীয়াক টলাব কেতিয়াও নোৱাৰে।
সকলোৱে আকৌ ভাবিবলৈ লৈছে- যদি ন্যায় বোলা শব্দটো সঁচাকৈয়ে আছে, তেন্তে তেওঁ এদিন সুকলমে ঘৰলৈ উভতিব নিশ্চয় পাৰিব।
Photo Credit: Google