অসম বিধানসভা অধিৱেশনৰ প্ৰথমটো দিনত জি এম চি এইছৰ পৰা অসম বিধানসভালৈ অনাৰ পৰত আৰক্ষীয়ে আপত্তিজনক ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল শিৱসাগৰৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈয়ে।
এখন ভঙা বাছত বহুৱাই অনাটো এজন বিধায়কৰ প্ৰতি অসন্মানজনক আচৰণ বুলিও অভিযোগ কৰিছিল গগৈয়ে।আজি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই অসম বিধানসভা অধিৱেশনৰ অন্তিম দিনটোত অখিল গগৈ প্ৰসংগত সৰৱ হৈ পৰে।
তেওঁ বিষয়টো সন্দৰ্ভত টিপ্পনি প্ৰকাশ কৰি কয় যে ক’ভিড প্ৰট’কল মানিহে গগৈক বাছত আহল- বহলকৈ বহুৱাই বিধানসভালৈ অনা হৈছিল।এজন ৰোগীক বাছত নানি কিহত আনিম বুলিও মুখ্যমন্ত্ৰীয়ে ওলোটাই প্ৰশ্ন উত্থাপন কৰে।
আনহাতে অখিল গগৈক বিধানসভাৰ অন্তিম দুটা দিনত অংশগ্ৰহণৰ সুযোগ নিদিয়া প্ৰসংগত উত্থাপিত অভিযোগৰ উত্তৰ দি তেওঁ প্ৰশ্ন কৰে যে বেমাৰী মানুহ এজনক সদনত কিদৰে বহুৱাব পাৰি?মুখ্যমন্ত্ৰীয়ে কয় যে মানসিক ভাৱে অখিল গগৈ বৰ্তমান সুস্থ অৱস্থাত নাই!তেওঁক জি এম চি এইছৰ চিকিৎসকেও জনাইছে এই কথা।