ইতিহাস ৰচনা কৰি কাৰাবন্দী অৱস্থাত থাকিয়েই ২০২১ ৰ অসম বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা জয়ী হৈ আহিছিল অখিল গগৈ।
‘নিয়া’ৰ আদালতত তেওঁৰ ওপৰত তৰা গোচৰৰ বিচাৰ এতিয়াও চলি আছে।প্ৰায় দুবছৰ ধৰি কাৰাবন্দী অৱস্থাত আছে নেতাগৰাকী।
শেহতীয়াকৈ স্বাস্থ্যজনিত কাৰণত জি এম চি এইচত চিকিৎসাধীন কৃষক নেতাগৰাকীক জামিনত মোকলাই আনিবলৈ তেওঁৰ অধিবক্তা সকলে চেষ্টা চলাই আহিছে।ইয়াৰ সমান্তৰালভাৱে তেওঁৰ সমৰ্থকবৃন্দৰ মাজত চৰ্চা চলিছিল যে বিধানসভাৰ সদস্য হিচাপে শপত বাক্য পাঠ কৰা দিনটোৰ পূৰ্বেই গগৈয়ে জামিন লাভ কৰিব!
পিছে চৰ্চিত ধৰণেৰে কথাবোৰ হৈ নুঠিল।অখিল গগৈয়ে শপত গ্ৰহণৰ পূৰ্বে জামিন লাভ নকৰিলে।সেয়ে কাইলৈ জি এম চি এইচৰ পৰা কাৰাবন্দী অখিল গগৈক আৰক্ষীয়ে অসম বিধানসভালৈ নিব আৰু শপত গ্ৰহণৰ পিছতেই পুনৰ লৈ আহিব জি এম চি এইচলৈ।