শিৱসাগৰ যাত্ৰাৰ মাজপথতে বিধায়ক অখিল গগৈয়ে কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত সোমাই যোৱাৰ কথা আছিল। পিছে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি!দীৰ্ঘদিনৰ মূৰত মুকলি আকাশৰ তললৈ অহা অখিল গগৈয়ে উদ্যানখনত প্ৰবেশৰ অনুমতিয়ে নাপালে।
সেয়েহে অৰ্কিড উদ্যানখনৰ কৰ্মচাৰীয়ে ৰাজপথতে সম্বৰ্ধনা জ্ঞাপন কৰিলে নেতা গৰাকীক।
বোকাখাত মহকুমা কণ্টেইমেন জ’ন হিচাপে ঘোষিত হৈ থকাৰ বাবে আৰু অৰ্কিড উদ্যান অৱস্থিত দূৰ্গাপুৰ গাঁৱত বৰ্ধিত কোভিড সংক্ৰমণৰ বাবে এই সিদ্ধান্ত লয় বোকাখাত মহকুমা প্ৰশাসনে।
ইফালে বোকাখাত মহকুমা প্ৰশাসনৰ সিদ্ধান্তক আদৰণি জনাইছে অখিল গগৈয়ে।