বিধানসভাৰ অন্তিম দিনৰ অধিৱেশনত নিজৰ ভাষণৰ মাজতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ বৰ্তমান মানসিকভাৱে সুস্থ অৱস্থাত নাই বুলি মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।
ইয়াৰ পিছতে অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যক তৰল মনৰ মানুহৰ পাতল বক্তব্য বুলি আখ্যা দিছিল।খবৰ অনুসৰি ইতিমধ্যেই তেওঁ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি মুখ্যমন্ত্ৰীৰ বক্তব্যৰ ‘চাৰ্টিফাইড কপি’ বিচাৰিছে।
গগৈয়ে বিধানসভাৰ প্ৰতিবেদনত হিমন্তবিশ্ব শৰ্মাই আগবঢ়োৱা বক্তব্য হুবহুভাৱে তুলি ধৰা হৈছেনে নাই সেয়াও জানিব বিচাৰিছে।ক্ষুদ্ধ বিধায়কজনে অতি সোনকালেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আনিব বুলি জানিব পৰা গৈছে।