বিধানসভাত আজি ৰাজ্যত সংঘটিত হৈ থকা সঘন এনকাউণ্টাৰক লৈ সৰৱ হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ।তেওঁ অভিযোগ কৰে যে ৰাজ্যত পুলিচ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে চৰকাৰে।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে চলি থকা শেহতীয়া অভিযানক লৈও সন্তুষ্ট নহয় অখিল গগৈ। তেওঁ প্ৰশ্ন কৰে,ড্ৰাগছ আৰু সৰু- সুৰা ব্যৱসায়ীক ধৰিয়ে সামৰিব নেকি তদন্ত?ব্যৱসায়ীৰ সৈতে আৰক্ষীৰ সম্পৰ্কৰ তদন্ত কিয় হোৱা নাই?
টাস্ক ফ’ৰ্চ গঠন নোহোৱাক লৈও ক্ষোভ প্ৰকাশ কৰে অখিলে।
আনহাতে এনকাউণ্টাৰৰ ঘটনা সমূহৰ ক্ষেত্ৰত ৰাজ্যিক মানৱ অধিকাৰ আয়োগক ভালদৰে তদন্ত কৰিবলৈকো আহ্বান জনায় অখিল গগৈয়ে।