নিউজ ডেস্কঃ শুনা যায় মাতৃৰ হৃদয়খন হেনো সন্তানৰ শ্ৰেণীকোঠা ৷
মাতৃৰ স্থান কোনোও পুৰাব নোৱাৰে এই পৃথিৱীত ।
কিন্তু সমাজত অপকৰ্মকত বলি হৈ এচামে মাতৃ-সন্তানৰ দৰে পৱিত্ৰ বান্ধোনক কলংকিত কৰি আহিছে ৷
সমাজত প্ৰায়ে এচামে নিজৰ অপকৰ্ম তথা কলংকক ঢাকিবলৈ পথৰ দাঁতিত নাইবা ডাষ্টবিনত নিজৰ সদ্যজাত দেৱ-শিশুটিক পেলাই থৈ যাবলৈ অলপো কুণ্ঠাবোধ নকৰে।
তেনে এটি ঘটনা সংঘটিত হ’ল বাইহাটাৰ কমলপুৰত।
কমলপুৰ সমষ্টিৰ অন্তৰ্গত ৰাইপাটত বুধবাৰে পুৱা পথৰ দাঁতিত কোনো হৃদয়হীন মাতৃয়ে পেলাই থৈ যায় এটি দেৱ-শিশুক ৷
সদ্যজাত দেৱশিশুটিক প্ৰত্যক্ষ কৰি জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কমলপুৰৰ স্থানীয় লোকে ।
উল্লেখ্য, শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।