ডেৰ মাহ ধৰি আলফাৰ হাতত বন্দী হৈ আছে কুইপ’ৰ দুগৰাকী বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ ৷
আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ কুমাৰ বৰুৱাই চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত ৰাম কুমাৰক মৃত্যুদণ্ডৰ ডেডলাইন প্ৰকাশ কৰে ৷
ৰাম কুমাৰক মৃত্যুদণ্ডৰ ডেডলাইন প্ৰকাশ কৰা পিছত অপহৃত প্ৰণৱ গগৈৰ পত্নীৰ কাতৰ আহ্বান আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ কুমাৰ বৰুৱাই ৷
প্ৰণৱ গগৈৰ পত্নীয়ে কান্দি কান্দি হাতযোৰ কৰি সেনাধ্যক্ষগৰাকীক কয় যে মোৰ স্বামীক মুকলি কৰি দিয়ক, নহ’লে আমাকো মাৰি পেলাওক ৷
মোৰ সৰু ল’ৰা-ছোৱালী আছে, সিহঁতৰ আজিলৈ ভালদৰে পঢ়া-শুনা হোৱা নাই ৷ ৰুগীয়া বৃদ্ধ মা-দেউতা আছে ৷ তেওঁলোকলৈ চাই মোৰ স্বামীক মুকলি কৰি দিয়ক ৷
উল্লেখ্য, কুইপ’ৰ বিষয়া প্ৰণৱ গগৈৰ অপহৰণৰ খবৰ পোৱাৰ পিছত গগৈৰ বৃদ্ধ পিতৃ শয্যাগত হয় ৷