শনিবাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত হিমন্ত বিশ্ব শৰ্মাই ১৫ সংখ্যক মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
হিমন্ত বিশ্ব শৰ্মাৰ লগতে আজি আন কেইবাগৰাকী বিধায়কেও নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
মুখ্যমন্ত্ৰীৰ পিছত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে।
ৰণজিৎ কুমাৰ দাসৰ পিছত শপত গ্ৰহণ কৰে অগপৰ ৰাজ্যিক সভাপতি তথা পূৰ্বৰ চৰকাৰখনৰ কৃষি মন্ত্ৰী অতুল বৰাই, UPPLৰ উৰ্খাও গৌৰা ব্ৰহ্মই বড়ো ভাষাত শপত গ্ৰহণ কৰে।
উৰ্খাও গৌৰা ব্ৰহ্মৰ পিছতে পূৰ্বৰ চৰকাৰৰ আবকাৰী মন্ত্ৰী বৰাকৰ বিজেপি নেতা পৰিমল শুক্লবৈদ্যই শপত গ্ৰহণ কৰে।
পৰিমল শুক্লবৈদ্যৰ পিছত চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, ৰনোজ পেগু,সঞ্জয় কৃশান, যোগেন মোহন,অজন্তা নেওগ, অশোক সিংহাল, পিয়ুষ হাজৰিকা আৰু বিমল বৰাই শপত বাক্য পাঠ কৰে।
ৰঞ্জিত কুমাৰ দাসঃ
১৯৬৫ চনৰ ১ ডিচেম্বৰত বৰপেটাত জন্মগ্ৰহণ কৰা বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে সোমবাৰে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
২০১৬ত সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ সময়তে ৰণজিৎ কুমাৰ দাসক অসম বিধানসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচিত কৰা হৈছিল।
১৯৯২ত বিজেপিৰ সদস্য আৰু ২০১১ৰ অসম বিধানসভা নিৰ্বাচনত সৰভোগ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
২০১৭ৰ ৩০ জানুৱাৰীত বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল তেওঁক।
এইবাৰৰ নিৰ্বাচনত পাটাছাৰকুছিত বৃহৎ ভোটত জয়লাভ কৰে ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসে।
অতুল বৰাঃ
১৯৬০ চনৰ ৭ এপ্ৰিলত গোলাঘাটৰ বৰাহী গাঁৱত জন্মগ্ৰহণ কৰা অগপৰ ৰাজ্যিক সভাপতি তথা পূৰ্বৰ চৰকাৰখনৰ কৃষি মন্ত্ৰী অতুল বৰায়েও আজি শপত বাক্য পাঠ কৰে।
শৰাইমৰিয়া এল পি স্কুল আৰু তৰফাট এম ই স্কুলৰ পৰা তেওঁৰ প্ৰাথমিক শিক্ষা সমাপ্ত হৈছিল।
কচাৰীহাট উচ্চ মাধ্যমিক স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, দেৱৰাজ ৰয় কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজনৈতিক বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
১৯৯৫ত অসম গণ পৰিষদৰ কৰ্মী হিচাপে নিজৰ নাম নামাংকন কৰি সক্ৰিয় ৰাজনীতিত যোগদান কৰে।
১৯৯৬ৰ ৯ জুনত গোলাঘাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।
কেশৱ মহন্তঃ
কেশৱ মহন্ত হৈছে অসম গণ পৰিষদৰ কাৰ্যবাহী সভাপতি।
১৯৯৬ বৰ্ষত অসম গণ পৰিষদৰ সদস্য হিচাপে কলিয়াবৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচিত কৰা হৈছিল।
২০০৬ বৰ্ষত পুনৰ বাৰ কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল কেশৱ মহন্ত।
২০১৬ বৰ্ষত পুনৰ কলিয়াবৰ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় কেশৱ মহন্তই।
তাৰ পিছতে অসম চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি,বিজ্ঞান আৰু প্ৰযুক্তি তথা জলসম্পদ বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে কেশৱ মহন্তই।
এইবাৰ অসম বিধানসভা নিৰ্বাচনত পুনৰ জয়লাভ কৰি অসমৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কেশৱ মহন্তই।
উৰ্খাও গৌৰা ব্ৰহ্মঃ
ইউ জি ব্ৰহ্ম হৈছে এজন ৰাজনীতিবিদ,কবি আৰু সামাজিক কৰ্মী।
লগতে প্ৰাক্তন ৰাজ্যসভাৰ সদস্য পৰিচিত ব্যক্তি।
ইউ জি ব্ৰহ্মই ‘Udangnifrai Gidingfinnanwi’ শীৰ্ষক কবিতাটিৰ বাবে ২০১৪ চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।
ইউনাইটেড পিপল’ছ পাৰ্টি লিবাৰেল (ইউ পি পি এলৰ) প্ৰাক্তন সভাপতি আছিল ইউ জি ব্ৰহ্ম।
কোকৰাঝাৰ নিবাসী ইউ জি ব্ৰহ্মৰ পিতৃৰ নাম হৈছে হৰকেশ্বৰ ব্ৰহ্ম।
এইবাৰ অসমৰ বিধানসভা নিৰ্বাচন ২০২১ ত ইউ পি পি এলৰ প্ৰাৰ্থী হিচাপে কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্বাচনত জয় লাভ কৰে ইউ জি ব্ৰহ্মই।
লগতে কেবিনেটৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ইউ জি ব্ৰহ্মই ।
অজন্তা নেওগঃ
অজন্তা নেওগ হৈছে গোলাঘাট সমষ্টিৰ অসম বিধানসভা নিৰ্বাচনৰ সদস্য।
২০০১ বৰ্ষৰ পৰা ৰাজনীতিত যোগদান কৰিছিল অজন্তা নেওঁগে।
কংগ্ৰেছ দলৰ প্ৰাক্তন সদস্য আছিল অজন্তা নেওঁগ।
২০১৬ চনত বিপুল সংখ্যক ভোটেৰে জয়লাভ কৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে নিযুক্ত হৈছিল।
তাৰ পিছতে গোলাঘাট ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল অজন্তা নেওঁগে।
২০২০ বৰ্ষৰ ডিচেম্বৰ মাহত অজন্তা নেওঁগে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে গোলাঘাট সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াই
পুনৰবাৰ জয়লাভ কৰিকেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে অজন্তা নেওঁগে।
সঞ্জয় কিষাণঃ
সঞ্জয় কিষাণ হৈছে এজন ৰাজনীতিবিদ।
ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।
১৯৭০ চনৰ ২৬ জানুৱাৰীত জন্ম গ্ৰহণ কৰিছিল সঞ্জয় কিষাণে।
সঞ্জয় কিষাণৰ পিতৃৰ নাম হৈছে মোহনলাল কিষাণ।
২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত তিনিচুকীয়া সমষ্টিৰ পৰা জয়লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল সঞ্জয় কিষাণে।
২০২১ বৰ্ষতো অসম বিধানসভা নিৰ্বাচনত তিনিচুকীয়া সমষ্টিৰ পৰা চাহ সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে বিজেপিৰ পৰা প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰে।
লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
ডাঃ ৰনোজ পেগুঃ
ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।
ৰনোজ পেগুৰ পিতৃৰ নাম শিশুৰাম পেগু।
১৯৮৭ চনত গুৱাহাটী মেডিকেল কলেজৰ পৰা MBBS ডিগ্ৰী লাভ কৰে ডাঃ ৰনোজ পেগুয়ে।
২০১৯ বৰ্ষত ধেমাজি সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই পদত্যাগ কৰাৰ পিছতে দায়িত্বভাৰ গ্ৰহণ কৰে ডাঃ ৰনোজ পেগুয়ে।
এইবাৰ ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে ধেমাজি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰে পেগুয়ে।
তাৰ পিছতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে ডাঃ ৰনোজ পেগুয়ে শপত গ্ৰহণ কৰে।
বিমল বৰাঃ
ভাৰতীয় জনতা পাৰ্টীৰ টিংখং সমষ্টিৰ প্ৰাৰ্থী।
বিমল বৰাৰ পিতৃ হৈছে স্বৰ্গীয় হৰি বৰা।
২০১৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত টিংখং সমষ্টিৰ পৰা জয়লাভ কৰি বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে বিমল বৰাই।
এইবাৰ অসম বিধানসভা নিৰ্বাচন ২০২১ত ভাৰতীয় জনতা পাৰ্টীৰ পৰা টিংখং সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াই বিপুল সংখ্যক ভোটত জয়লাভ কৰিছিল।
তাৰ পিছতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিমল বৰাই ।
অশোক সিংহালঃ
অশোক সিংহাল হৈছে ৰাজনীতিবিদ তথা এজন ব্যৱসায়ী।
ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ এজন সদস্য।
১৯৬৮ চনৰ ২৯ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল অশোক সিংহালে।
অশোক সিংহালৰ পিতৃ হৈছে প্ৰয়াত পৰমানন্দ সিংহাল আৰু মাতৃ হৈছে ইন্দুমতী সিংহাল।
২০১৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ হৈ ঢেকীয়াজুলি সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াই জয়লাভ কৰিছিল সিংহালে।
২০২১ বৰ্ষতো পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে ঢেকীয়াজুলি সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াই জয়লাভ কৰিবলৈ সক্ষম হয় অশোক সিংহালে।
তাৰ পিছতে অসমৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে অশোক সিংহালে।
যোগেন মহনঃ
যোগেন মহন হৈছে ভাৰতীয় জনতা পাৰ্টীৰ এজন ৰাজনীতিবিদ।
১৯৬৩ চনৰ ১ নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল যোগেন মহনে।
যোগেন মহনৰ পিতৃ হৈছে প্ৰয়াত পুণেশ্বৰ মহন আৰু মাতৃ হৈছে প্ৰয়াত প্ৰেমদা মহন।
যোগেন মহনৰ জন্মস্থান হৈছে মাহমৰা (ৰুকান গাঁও)
২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে মাহমৰা সমষ্টিৰ পৰা জয়লাভ কৰিছিল।
২০২১ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনতো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি মাহমৰা সমষ্টিৰ পৰা আহোম সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে জয়লাভ কৰিবলৈ সক্ষম হয়।
তাৰ পিছতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে যোগেন মহনে