অসমত দ্ৰুত গতিত বৃদ্ধি হৈছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ।
এখনৰ পিছত এখন জিলাত ক্ৰমান্বয়ে বন্ধ হৈ পৰিছে শিক্ষানুষ্ঠান সমূহ।
আজি ধুবুৰী জিলাতো বন্ধ হৈ পৰিল শিক্ষানুষ্ঠান।
অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি যিবোৰ জিলাত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৩০০ জনৰ অধিক হ’ব,
সেই জিলাত সমূহত জৰুৰীকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ জিলা প্ৰশাসনে সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিব লাগিব।
আজি ধুবুৰী জিলাত ৩০০ৰ অধিক লোক ক’ৰোনাত আক্রান্ত হোৱাৰ পিছতে ধুবুৰী জিলা প্ৰশাসনে সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে।
প্ৰাৰম্ভিক পৰ্যায়ত ১৫ দিনৰ বাবে ঘোষণা কৰা হৈছে এই বন্ধ।
ক’ৰোনাৰ সংৰমণৰ হাৰ কমিলেহে পৰিৱৰ্তি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব দিছে ধুবুৰী জিলাৰ দুৰ্যোগ ব্যৱস্থাপনাৰ অধ্যক্ষ দেৱ কুমাৰ কলিতাই।
Photo Credit : Google