আজিৰে পৰা লখিমপুৰ জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হ’ল।
বৰ্দ্ধিত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
লখিমপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি ১৫ দিনলৈ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, হোষ্টেল ,কোচিং চেণ্টাৰ বন্ধ ঘোষণা।
প্ৰাৰম্ভিক পৰ্যায়ত ১৪ মে’লৈ ঘোষণা কৰা হৈছে বন্ধ।
পৰৱৰ্তী সিদ্ধান্ত জিলাখনৰ ক’ৰোনা পৰিস্থিতি লক্ষ্য কৰি গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে লখিমপুৰ জিলা প্ৰশাসনে।
লগতে জনাইছে যে জিলাখনত ক’ৰোনা আক্ৰান্তৰ হাৰ ৩০০ অতিক্ৰম কৰাৰ পিছতে বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Photo Credit:Google