ৰাজ্যত আজিৰে পৰা অনিৰ্দিষ্ট দিনলৈ বন্ধ ঘোষণা কৰা হ’ল ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান।
ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
আজি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে।
এতিয়াৰে পৰা ৰাজ্যৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান অনিৰ্দিষ্ট দিনলৈ বন্ধ ঘোষণা কৰা হৈছে।
লগতে জনাই যে ৩০০ ৰোগী নাথাকিলেও সমগ্ৰ ৰাজ্যতে সকলো শিক্ষানুষ্ঠান বন্ধ হৈ থাকিব।
ক’ৰোনা সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহাৰ পিছতহে শিক্ষানুষ্ঠান খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব শিক্ষা বিভাগে।
Photo Credit: Google