ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণৰ হাৰ ।
কালি কামৰূপ মহানগৰ জিলাত ১০০০ জনৰো অধিক লোক ক’ৰোনা আক্ৰান্ত হয়।
সেয়ে আজিৰে পৰা কামৰূপ মহানগৰ জিলাত বন্ধ হৈ পৰিব সকলো শিক্ষানুষ্ঠান।
অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলাত ১০০০ৰ অধিক লোক ক’ৰোনা আক্ৰান্ত হ’লে শিক্ষানুষ্ঠান সমূহ বন্ধ ঘোষণা কৰিব লাগিব কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
যাৰ বাবে আজিৰে পৰা মহানগৰত থকা সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় ,মহাবিদ্যালয় ,বিশ্ববিদ্যালয়,হোষ্টেল,ইত্যাদি বন্ধৰ বাবে নিৰ্দেশনা জাৰি কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
এই নিৰ্দেশনা অনুসৰি ২৭ এপ্ৰিলৰ পৰা ১১ মে’লৈ বন্ধ হৈ থাকিব সকলো শিক্ষানুষ্ঠান।
ইয়াৰ উপৰিও মহানগৰীত থকা কোচিং চেণ্টাৰ সময় বন্ধৰ নির্দেশ দিছে জিলা প্ৰশাসনে।
এতিয়াৰে পৰা অনলাইন যোগে পাঠদান অব্যাহত ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে সকলো শিক্ষানুষ্ঠানকে
Photo Credit: Google