গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয় চৌহদত অসম বন কৰ্মচাৰী সন্থাৰ উদ্যোগত সোমবাৰে সৰ্বভাৰতীয় বন শ্বহীদ দিৱস পালন কৰা হয়। পতাকা উত্তোলনৰে বন শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম বন কৰ্মচাৰী সন্থাৰ সভাপতি হোমেন পেগুৱে আৰু শ্বহীদ তৰ্পণ কৰে গুৱাহাটীৰ বশিষ্ঠস্থিত মধ্য অসম চক্ৰৰ আঞ্চলিক বন বিষয়া প্ৰণৱ দাসে। বন্তি প্ৰজ্বলন কৰে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক নিৰ্মল বৰ্মনে আৰু মাল্যৰ্পন কৰে দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ উপ আঞ্চলিক বন বিষয়া অমল কুমাৰ বৰাই।
আনহাতে অনুষ্ঠানত কৰ্তব্যৰ সময়ত প্ৰাণ আহুতি দিয়া বন শ্বহীদ সকলৰ বিদেহী আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। কাৰ্যসূচীত সন্থাৰ বিত্ত সম্পাদক ৰাহুল বৰ্মন, ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰবীন হুজুৰীকে ধৰি কেবাজনো বিষয়ববীয়া উপস্থিত থাকে। আনহাতে সন্থাৰ সভাপতি হোমেন পেগুৱে জানিবলৈ দিয়া মতে এইবেলি গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে ৰাজ্যজুৰি চলি থকা অমৃত বৃক্ষ আন্দোলনৰ বাবে সৰ্বভাৰতীয় বন শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ পালন কৰা হয়।