• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মুকলি হ’ব সকলো ৰাষ্ট্রীয় উদ্যান

নিউজ ডেস্ক by নিউজ ডেস্ক
September 23, 2021
in News, অসম, উত্তৰ পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয়, সংবাদ
0
মুকলি হ’ব সকলো ৰাষ্ট্রীয় উদ্যান
Share on FacebookShare on Twitter

ৰাজ্যত কভিড পৰিস্থিতি ক্রমাৎ সুস্থিৰ হৈ আহিছে৷ কভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্রেক্ষিতত চৰকাৰে আগন্তুক ১ অক্টোবৰৰ পৰা কভিড বিধি অধিক শিথিল কৰাৰ সম্ভাৱনা প্রকট হৈছে৷ লক্ষণীয়ভাৱে কভিড বিধি শিথিল কৰাৰ সমান্তৰালভাৱে চৰকাৰে সম্প্রতি অতি সীমিত কৰি ৰখা পর্যটন ক্ষেত্রও মুকলি কৰি দিয়াৰ লগতে শিক্ষানুষ্ঠানৰ অন্য কেইবাটাও শ্রেণীৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে৷

আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা ঘোষণা কৰিছে৷ তেওঁ আজি প্রকাশ কৰে যে ৰাজ্যত কভিড পৰিস্থিতি পূর্বতকৈ বহু উন্নত হৈছে৷ সেয়ে যি স্থানত কভিডৰ সংক্রমণ প্রায় নির্মূল হৈছে, তাত বাধ্যবাধকতা অধিক শিথিল কৰা হ’ব৷ অৱশ্যে কিছুসংখ্যক জিলা পর্যবেক্ষণত ৰখা হ’ব বুলিও তেওঁ প্রকাশ কৰে৷ আনহাতে ৰাজ্যত এতিয়াও সম্পূর্ণ মুকলি কৰি দিব পৰা অৱস্থালৈ অহা নাই বুলি সদৰী কৰি মুখ্যমন্ত্রীজনে বিভিন্ন ক্ষেত্রত প্রয়োজনীয় কিছু বাধা থাকিবই বুলি কয়৷

আনহাতে পর্যটন ক্ষেত্রসমূহো পর্যায়ক্রমে খুলি দিয়াৰ কথা চৰকাৰে পৰিকল্পনা কৰাৰ কথা ব্যক্ত কৰি তেওঁ অহা ১ অক্টোবৰৰ পৰা বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানকে ধৰি মানাহ, ওৰাং, পবিতৰা আদি পর্যটকৰ বাবে সম্পূর্ণ খুলি দিয়া হ’ব বুলি ঘোষণা কৰে৷ এই ঠাইত কভিডৰ কোনো বাধা নাথাকিব বুলিও তেওঁ ঘোষণা কৰে৷

অৱশ্যে কভিড প্রট’কলৰ ভিতৰত কেৱল এটাই থাকিব, সেয়া হ’ল সকলোৱে ভেকচিন ল’ব লাগিব৷ পর্যটন ক্ষেত্রসমূহ যিমান পাৰি পুনৰ খুলি দিয়াৰ কথা চৰকাৰে চিন্তা কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে যোৱা কভিড পৰিস্থিতিত ৰাজ্যৰ পর্যটন ক্ষেত্রৰ সৈতে জড়িত ব্যক্তিসকল যথেষ্ট ক্ষতিগ্রস্ত হয় বুলি তেওঁ কয়৷ হোটেলত থকাৰ ক্ষেত্রত পর্যটকসকলে ভেকচিন লোৱাটো বাধ্যতামূলক কৰাৰ কথা তেওঁ কয়৷ প্রয়োজনত পর্যটকক ওচৰৰ স্বাস্থ্যকেন্দ্রলৈ নি ভেকচিন দিয়াই লোৱাৰ পদক্ষেপ ল’বলৈয়ো তেওঁ এই ক্ষেত্রৰ সৈতে জড়িত লোকসকলক আহবান জনায়৷

Tags: Assam GovernmentCM Himanta Biswa SarmaCovid 19 pandemicCovid19 AssamDehing Patkai National ParkKaziranga National ParkManas National Park
Previous Post

৬ শতাধিক মাটিৰ দালালক গ্রেপ্তাৰ

Next Post

গৰুখুটি অঞ্চলত বাস কৰা লোকসকল বিদেশী নহয়ঃ ৰাইজৰ দল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গৰুখুটি অঞ্চলত বাস কৰা লোকসকল বিদেশী নহয়ঃ ৰাইজৰ দল

গৰুখুটি অঞ্চলত বাস কৰা লোকসকল বিদেশী নহয়ঃ ৰাইজৰ দল

The Radio Guy’ৰ সফলতাৰ পিছতে এইবাৰ সমুজ্জ্বল কাশ্যপৰ “Simple ছোৱালী”

The Radio Guy'ৰ সফলতাৰ পিছতে এইবাৰ সমুজ্জ্বল কাশ্যপৰ “Simple ছোৱালী”

ক্ষীপ্ৰ গতিত চলি আছে দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য

ক্ষীপ্ৰ গতিত চলি আছে দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8