অগপৰ জ্যেষ্ঠ নেতা, প্রাক্তন মন্ত্রী তথা বিধায়ক ফণীভূষণ চৌধুৰী এইবাৰ আইনৰ ৰোষত৷ নির্বাচন আয়োগত ভুৱা তথ্য দিয়াৰ অভিযোগত সম্প্রতি গুৱাহাটী উচচ ন্যায়ালয়ে কিয় তেওঁৰ বিধায়ক পদ খাৰিজ কৰা নহ’ব, তাৰ উত্তৰ বিচাৰি বিধায়কজনলৈ কাৰণ দশোর্ৱাৰ জাননী জাৰি কৰিছে৷
উল্লেখযোগ্য যে বিগত বছৰৰ পূর্বে কৃষক সন্মান নিধিৰ ধন আত্মসাৎ সন্দর্ভত বঙাইগাঁও থানাত বিধায়ক ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে এটা ক্রিমিনেল কেছ ৰুজু হৈছিল৷ তেওঁৰ লগত আন ৮জন লোকৰ বিৰুদ্ধেও এই গোচৰটো ৰুজু হৈছিল৷ কিন্তু শেহতীয়া বিধানসভা নির্বাচনত নির্বাচন আয়োগত তেওঁ দাখিল কৰা শপতনামাত এই গোচৰটোৰ কথা লুকুৱাবলৈ চেষ্টা কৰি উল্লেখ কৰা নাছিল
শেহতীয়াকৈ তেওঁ নির্বাচন আয়োগক ভুৱা শপতনামা দাখিল কৰি আইন উলংঘা কৰা বিষয়টো লৈ গুৱাহাটী উচচ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কংগ্রেছ নেতা শংকৰ প্রসাদ ৰায়৷ তেওঁ ৰুজু কৰা গোচৰৰ ভিত্তিত আজি হোৱা শুনানিত ন্যায়ালয়ে বিধায়কজনলৈ কাৰণ দশোর্ৱাৰ জাননী জাৰি কৰিছে৷ তেওঁৰ বিধায়ক পদ কি কাৰণে খাৰিজ কৰা নহ’ব, দুসপ্তাহৰ ভিতৰত তাৰ উত্তৰ দিব লাগিব বিধায়কজনে৷ জাননীৰ উত্তৰ অহা ২৩ আগষ্টৰ ভিতৰত দিবলৈ বিধায়ক ফণীভূষণ চৌধুৰীক আদালতে নির্দেশ দিছে৷