অসম চৰকাৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ গুৱাহাটীৰ পৰা অহা – যোৱা কৰা যাত্ৰীৰ বৰ্দ্ধিত সংখ্যা আৰু বিমানবন্দৰটোৰ নতুন টাৰ্মিনেল বিল্ডিংটো ধাৰাপুৰ চাৰিআলিৰ পৰা কিছু নিলগৰ গড়ল – আজাৰা সংযোগী এছ অ এছ পথত নিৰ্মাণ কৰা হৈছে। অহা ২০২৫ বৰ্ষৰ জানুৱাৰী মাহত নতুন টাৰ্মিনেল বিল্ডিংটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ফলত ধাৰাপুৰ চাৰিআলিৰ পৰা গড়ল হৈ বৰঝাৰ বিমানবন্দৰ সংযোগী পথত অধিক যান – বাহন চলাচল কৰাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত লোক নিৰ্মাণ পথ বিভাগে ধাৰাপুৰ চাৰিআলিৰ পৰা গড়ল হৈ আজাৰা ভি আই পি চকলৈ প্ৰায় আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা ছয়লেনযুক্তকৈ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। পথচোৱা ছয়লেনযুক্তকৈ নিৰ্মাণ কৰিবলগীয়া হোৱাৰ ফলত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ ধাৰাপুৰ চাৰিআলিৰ সকলো দোকান – পোহাৰ , ব্যৱসায়িক কেন্দ্ৰ আৰু তাত বাস কৰা আবাসী সকল প্ৰায় এশ শতাংশ উচ্ছেদিত হোৱাটো নিশ্চিত হৈছে।
যাৰ বাবে ক্ষতিগ্ৰস্ত ব্যৱসায়ী আৰু আবাসী সকলে কিছুদিন পূৰ্বে গঠন কৰিছে “সম্প্ৰসাৰিত পথ আৱাসিক সুৰক্ষা সমিতি” নামৰ এখন সমিতি। আনহাতে সমিতিৰ সভাপতি উমেশ চন্দ্ৰ শৰ্মা আৰু সম্পাদক অঞ্জন জ্যোতি বৰুৱাৰ নেতৃত্বত এটা সজাতি দলে ২৯ ফেব্ৰুৱাৰীত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত আৰু আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক ক্ষতিগ্ৰস্ত লোক সকলৰ পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ আদায় দিয়াৰ দাবীত আঠদফীয়া দাবী সম্বলিত একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে । স্মাৰক পত্ৰত সমিতিয়ে সম্প্ৰসাৰিত পথৰ বাবে অধিগ্রহণ কৰিব লগা ব্যক্তিগত ভূমি পথৰ দুয়োফালে সমান জোখত অধিগ্ৰহণ কৰা , অধিগ্রহণ কৰা ব্যক্তিগত ভূমিৰ মূল্যৰ বৰ্তমান চৰকাৰী মূল্যৰ আঠ গুণ অথবা বৰ্তমানৰ বজাৰ মূল্য আদায় দিয়া , অধিগৃহীত ভূমিত থকা স্থায়ী ঘৰ দুৱাৰৰ Interior Construction সহ ক্ষতি পূৰণ আদায় দিয়া, যি সকল ব্যৱসায়ীয়ে ব্যক্তিগত গৃহ ভাড়া লৈ ব্যৱসায় কৰি আছে তেওঁলোকৰ ব্যৱসায়ত ব্যৱহৃত আচবাব সমূহৰ ক্ষতিপূৰণ আদায় দিয়া, অধিগ্রহণৰ বাবে যি সকল স্থায়ী বা অস্থায়ী ব্যৱসায়ী ক্ষতিগ্রস্থ হ’ব তেওঁলোকক পুনৰ সংস্থাপনৰ বাবে এককালিন সাহায্য দিয়া, অধিগ্রহণৰ বাবে যি সমূহ ধর্মীয় অনুষ্ঠান ক্ষতিগ্রস্থ হ’ব, সেই সমূহৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা, পথ সম্প্ৰসাৰণৰ বাবে উচ্ছেদিত হব লগা ধাৰাপুৰ চাৰিআলিত থকা শ্বহীদ বেদীটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা, ধাৰাপুৰ চাৰিআলিৰ দৈনিক বজাৰখন অতি পুৰণি বজাৰ কামৰূপ মহানগৰ জিলা পৰিষদৰ অধীনত চলি থকা এই বজাৰখনত ব্যৱসায় কৰি বৃহত্তৰ অঞ্চলটোৰ ভালেসংখ্যক কৃষক তথা পাচলি ব্যৱসায়ীয়ে নিজৰ পৰিয়াল পোহ-পাল দি থকাৰ প্ৰতি লক্ষ্য ৰাখি উচ্ছেদৰ পূৰ্বেই বজাৰখন ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা চৰকাৰী ভূমিত স্থাপন কৰি ব্যৱসায়ী সকলক জীৱন – জীৱিকাৰ ক্ষেত্ৰত সুবিধা অব্যাহত ৰাখিবলৈ অনুৰোধ জনোৱা হয়। ইফালে ধাৰাপুৰ চাৰিআলিৰ স্থায়ী বাসিন্দা সকলে কৰা এক গুৰুতৰ অভিযোগ অনুসৰি পথ সম্প্ৰসাৰণৰ নামত ভূমি অধিগ্ৰহণ কৰা কাৰ্যত চৰকাৰে খেনোক দেখি ৰান্ধে বাঢ়ে আৰু খেনোক দেখি দুৱাৰ মাৰে নীতি গ্ৰহণ কৰিছে। কিয়নো ধাৰাপুৰ চাৰিআলিৰ পৰা গড়লৰ দিশলৈ যোৱা পথচোৱাৰ বাওঁফালে কম অধিগ্ৰহণ কৰাৰ বিপৰীতে সোহাতে বৈষম্যমূলকভাৱে বেছিকৈ অধিগ্ৰহণ কৰা হৈছে। লোক নিৰ্মাণ বিভাগৰ এই কাৰ্যত প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ নতুনকৈ নিৰ্মাণ কৰি থকা এপাৰ্টমেণ্ট সমূহক উচ্ছেদৰ পৰা সুৰক্ষা দিবলৈকে লোক নিৰ্মাণ পথ বিভাগে বিসংগতিপূৰ্ণভাৱে ভূমি অধিগ্ৰহণ কৰা বুলি ৰাজহুৱাকৈ অভিযোগ উত্থাপন হৈছে।