ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ পিছত আজি আৰম্ভ হোৱা অমৰনাথ যাত্ৰা বেয়া বতৰৰ বাবে স্থানীয় প্ৰশাসনে পুনৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰশাসনে কৈছে যে ,পাঞ্জতৰানী আধাৰ শিবিৰৰ ভক্তৰ দলটোৱে আজি অমৰনাথ গুহালৈ ৰাওনা হ’ব নোৱাৰিলে। কাৰণ পাঞ্জতৰানী আৰু গুহাৰ ওচৰত প্ৰচণ্ড বৰষুণ হৈছিল।
উল্লেখ্য যে, ৮ জুলাইৰ সন্ধিয়া অমৰনাথ গুহাৰ ওচৰত ডাৱৰ বিস্ফোৰণৰ ফলত নিম্ন অঞ্চলত বান পৰিস্থিতিৰ সৃষ্টি হৈছিল। ঘটনাটোত ষোল্লজন ভক্ত নিহত হৈছিল, আনহাতে ১০০ ৰো অধিক লোক আহত হৈছিল। এতিয়াও ৪০ জন ভক্ত সন্ধানহীন হৈ আছে, উদ্ধাৰকাৰী দলে এতিয়াও তেওঁলোকক বিচাৰি উলিয়াবলৈ উদ্ধাৰ অভিযানত আছে। জম্মুৰ উপায়ুক্ত অৱনী লাভাছাই ১১ জুলাইত বা তাৰ আগতে পঞ্জীয়ন কৰা সকলো যাত্ৰীক ভাগৱতী নগৰ আধাৰ শিবিৰলৈ যাবলৈ কৈছিল। এতিয়ালৈকে, ৮৪ জন তীৰ্থযাত্ৰী সুৰক্ষিত হোৱাৰ বিপৰীতে বৰ্তমানেও দুগৰাকী মহিলা তীৰ্থযাত্ৰী সন্ধানহীন হৈ আছে।