কিনকিনিয়া বৰষুণৰ মাজতেই শক্তিপীঠ মা কামাখ্যাত উদুলি-মুদুলি পৰিৱেশ। অম্বুুবাচীৰ মহাযোগক লৈ সমাগম হাজাৰ হাজাৰ ভক্তৰ। আজি পুৱাৰে পৰা দেখা গ’ল শ শ ভক্তৰ দীঘলীয়া লানি। প্ৰতিকূল বতৰকো নেওচি মা কামাখ্যাক দৰ্শন কৰিবলৈ আহিল দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত। পুৱা ৪ বজাৰ পৰা মা কামাখ্যাক দৰ্শনৰ বাবে শাৰী পাতিছে শ শ ভক্তই।
অন্যহাতে, পুষ্পৰে সজাই পৰাই তোলা হৈছে মা কামাখ্যাৰ মন্দিৰ। মন্দিৰ কৰ্তৃপক্ষৰ সহযোগত কৰা হৈছে চাফ-চিকুন। ইয়াৰোপৰি নাগা বাবাসকলো তৎপৰ হৈ পৰিছে অম্বুবাচী মহাযোগক লৈ। পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ। ইয়াৰ মাজতে মা কামাখ্যাক দৰ্শনৰ বাবে অপেক্ষা কৰিছে হাজাৰ হাজাৰ ভক্তই৷ এটা হাতত ছাতি, আনখন হাতত পূজাৰ সামগ্ৰী লৈ দেৱী মা কামাখ্যাক দৰ্শনৰ বাবে শাৰীত থিয় দিয়া দেখিবলৈ পোৱা গৈছে ভক্তগণক। মন্দিৰৰ চৌহদতে একাংশই কৰিছে স্নান। অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব বৃহস্পতিবাৰে নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত।