ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ।
তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতক আমেৰিকাৰ ঔষধ কোম্পানীয়ে প্ৰদান কৰিব ৪.৫ লাখ ৰেমডেছিভিৰ প্ৰতিষেধক।
আমেৰিকাৰ ঔষধ উৎপাদন প্ৰতিষ্ঠান গিলিয়ড ছায়েন্সেজে জনাই যে ভাৰতত এন্টিভাইৰেল প্ৰতিষেধক ৰেমডিছিভিৰ উৎপাদন বৃদ্ধি কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে কোম্পানীটোৱে।
দেশখনত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কোম্পানীটোৱে ৰেমডেছিভিৰ ‘ভেকলুৰি’ নামৰ প্ৰতিষেধক প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছে ভাৰতক।
এই প্রতিষেধকে ভাৰতীয় ৰোগী সকলক যথেষ্ট সহায় কৰিব বুলি জানিবলৈ দিছে আমেৰিকাৰ ঔষধ উৎপাদন কোম্পানী গিলিয়ড ছায়েন্সেজে।
Photo Credit : Google