পুনৰ এদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।
নিশা ২ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাগতম জনাই দেশৰ গৃহমন্ত্ৰীগৰাকীক।
জানিব পৰা মতে বৃহস্পতিবাৰে কোচবিহাৰৰ ৰাজ পৰিয়ালৰ বংশধৰ ধৰ্মীয় গুৰু অনন্ত ৰায়ক সাক্ষাৎ কৰিব ৷
উল্লেখ্য, পশ্চিমবংগৰ নিৰ্বাচনৰ লক্ষ্য ৰাখিয়েই গৃহমন্ত্ৰীগৰাকীৰ এই ব্যক্তিগত ভ্ৰমণসূচী বুলি জানিব পৰা গৈছে ৷