আজি শ্বহীদ জোৱানলৈ শেষ শ্ৰদ্ধা জনাবলৈ ছত্তীশগড়ত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
ছত্তীশগড়ৰ বিজাপুৰ জিলাত নক্সালবাদীৰ সৈতে হোৱা গুলীয়াগুলীত নিৰাপত্তা বাহিনীৰ ৫ জোৱান নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছিল।
নক্সালবাদীৰ আক্ৰমণত নিহত হোৱা বীৰ শ্বহীদ সকলক শেষ শ্রদ্ধা জ্ঞাপন কৰিলে মন্ত্ৰী গৰাকীয়ে।
লগতে আঘাতপ্ৰাপ্ত হোৱা CRPFৰ জোৱানৰো খবৰ ল’লে অমিত শ্বাহে আৰু জনাই যে এতিয়াৰে পৰা নক্সালবাদীৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব ভাৰতীয় সেনা আৰু কেন্দ্ৰীয় চৰকাৰ।
উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে উপস্থিত থাকে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলো।
Photo Credit:Google