কভিড মহামাৰীৰ গণ সংক্ৰমণ ৰোধৰ বাবে বাবে ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি লকডাউন ঘোষণা কৰাৰ পাছত খাদ্য সংকটত পৰা লোকসকলক দুবেলা দুমুঠি খাদ্য যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰা গুৱাহাটীৰ অমৃত ভোগ ভাণ্ডাৰাই প্ৰথমবাৰৰ বাবে নেহেৰু ষ্টেডিয়াম চৌহদৰ দেশভক্ত তৰুণৰাম ফুকন ইনডৰ ষ্টেডিয়ামত তিনিদিনীয়াকৈ গুৱাহাটীৰ বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ মাজত অনুষ্ঠিত হৈ যোৱা “নেতাজী কাপ অপেন কাৰাতে চেম্পিয়শ্বিপ ২০২৩” ৰ সামৰণিৰ দিনা প্ৰতিযোগিতাত ভাগ লোৱা প্ৰতিযোগীৰ উপৰি খেল উপভোগ কৰিবলৈ অহা শিক্ষাৰ্থী, অভিভাৱক সকলৰ মাজত বিনামূলীয়াকৈ ৰন্ধা খাদ্য বিতৰণ কৰে।
২৩ জানুৱাৰীত প্ৰতিযোগিতাৰ সামৰণিৰ দিনা অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভাগচন্দ জৈনৰ নেতৃত্বত অংকুৰ জৈন, ডেইজী জৈন, মমতা জৈন, গণেশ দেৱ নাথসহ এটা স্বেচ্ছাসেৱকৰ দলে প্ৰায় এক হাজাৰ জন লোকৰ মাজত খাদ্য বিতৰণ কৰি ভূয়সী প্ৰশংসা লাভ কৰে। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ভাগচন্দ জৈনে কয় মানৱ সেৱাৰ মাজৰে প্ৰকৃততে ঈশ্বৰ সেৱাৰ ফল পোৱা যায়।