প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশজুৰি এই অমৃত কলহ যাত্ৰা অনুষ্ঠিত কৰিছে। দেশৰ লগতে ৰাজ্য জুৰি চৰকাৰে পঞ্চায়তে পঞ্চায়তে এই অমৃত কলহ যাত্ৰা সমাপন কৰি আহিছে। সেয়ে ৰবিবাৰে পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডত অমৃত কলহ সংগ্ৰহ শীৰ্ষক অনুষ্ঠান এটি আয়োজন কৰা হয়। এই অনুষ্ঠানত ৮ টা গাঁও পঞ্চায়তৰ পৰা অমৃত কলহ লৈ অনা হয়। ইফালে অনুষ্ঠানত উপস্থিত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণৰ কলিতাই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়।
উপস্থিত কামৰূপ জিলাৰ অতিৰক্ত উপায়ুক্ত প্ৰিয়াংচু ভৰদ্বাজ, আজাৰা চক্র বিষয়া বাবুল বৈশ্য, সোনাপুৰস্থিত এছ এছ বি ডেপুটি কামান্ডেট অতুল জচী ৰানী উন্নয়ন খন্ড বিষয়া আজিজা বেগম ৰানী গাও পঞ্চয়তৰ সভাপতি পৰমেশ্বৰ বৰ্তমান, ৰানী জিলা পৰিষদৰ প্ৰক্তন সদস্যকে ধৰি বিভিন্ন পঞ্চায়তৰ পৰা অহা বিষয়ববীয়া সকল। এই অনুষ্ঠানত দেশৰ হতে প্ৰাণ আহুতি দিয়া সেনাবাহিনীৰ পৰিয়াল আৰ প্ৰক্তন সেনা বিষয়াক সম্বৰ্দ্ধনা জনোৱা হয়।