গুৱাহাটীৰ হেঙেৰাবাৰীত মঙ্গলবাৰে মুকলি কৰা হল এখন নতুন উদ্যান। প্ৰায় ১৪ বিঘা ভূমিত নিৰ্মাণ কৰা নতুন উদ্যানখনৰ নামাকৰণ কৰা হৈছে ‘অমৃত উদ্যান’ হিচাপে।
মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত শীঘ্ৰেই আৰু তিনিখন উদ্যান নিৰ্মাণৰ কথাও ঘোষণা কৰে। অহা ডিচেম্বৰ মাহত মাছখোৱা বটানিকেল উদ্যানখন মুকলি কৰা হ’ব বুলিও প্ৰকাশ কৰিছে।
Gives me immense joy to inaugurate Amrit Udyan, a park with modern amenities at Hengrabari, Guwahati.
Built at a cost of ₹14.81 cr and spread over 14 bigha-land, the park hosts statues of 8 eminent tribal leaders from NE who fought valiantly against the British Raj. pic.twitter.com/nqprC3uQdV
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) August 23, 2022
অনুষ্ঠানত উপস্থিত থাকি সাংবিদকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছে স্বাধীনতা আন্দোলন আৰম্ভ কৰাৰ পূৰ্বৰে পৰা স্বাধীনতা সংগ্ৰাম চলি আছিল। প্ৰথমে স্বাধীনতা আন্দোলন কৰিছিল জনজাতীয় লোকসকলে। গুৱাহাটীত শুংবোধন থাংলুৰ মূৰ্তি কোনেও বনোৱা নাছিল, অমৃত উদ্যানত তেওঁৰ প্ৰথমটো প্ৰতিমূৰ্তি বনোৱা হৈছে।
ইয়াৰ উপৰিও তেওঁ কয়, স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰা আঠজন উত্তৰ–পূবৰ শ্বহীদক এই উদ্যানত স্থান দিয়া হৈছে।