গুৱাহাটীৰ দাঁতি কাষৰীয়া দীপৰ বিলৰ পাৰত কালি নিশা এটা বনকৰ্মীৰ দলৰ তৎপৰতাৰ বাবে পুনৰ ৰেলৰ খুন্দাৰ পৰা ৰক্ষা পৰে পোৱালীসহ এটা বৃহৎ বনৰীয়া হাতীৰ জাক। ইয়াৰ পূৰ্বে ৩১ অক্টোবৰৰ দিনা মাজনিশাও পোৱালিসহ প্ৰায় ৫৫/৬০ জনীয়া এটা হাতীৰ জাক বনকৰ্মীৰ তৎপৰতাত এখন মালবাহী ৰেলৰ খুন্দাৰ পৰা ৰক্ষা পৰিছিল। জানিব পৰা মতে কালি নিশা প্ৰায় ৯.৪৫ মান বজাত পোৱালীসহ ১৩/১৪ জনীয়া বনৰীয়া হাতীৰ জাক এটাই ৰেলপথৰ গাতে লগা চকৰদৌ পাহাৰৰ পৰা বন বিভাগৰ পক্ষী নিৰীক্ষণ কেন্দ্ৰৰ দাঁতিয়েদি দীপৰ বিলত নামি গৈছিল। কিন্তু খানাজানৰ পানীদুৱাৰ দীৰ্ঘদিন ধৰি জলসম্পদ বিভাগে বন্ধ কৰি ৰখাৰ ফলত বিলৰ পানীভাগ ওফন্দি থকাত হাতীৰ জাকটো বিলৰ মাজলৈ যাব নোৱাৰি পাৰে পাৰে কিছুদুৰ আগুৱাই গৈ ঐতিহাসিক শ্ৰী শ্ৰী ভাঙাৰা মন্দিৰৰ সমীপত বিলৰ দাঁতিত অৱস্থান কৰি অাছিল। হাতীৰ জাকটো নিৰীক্ষণ কেন্দ্ৰৰ দাঁতিয়েদি নামি গৈ তাৰ পৰা প্ৰায় আধা কিলোমিটাৰ নিলগৰ ভাঙাৰা মন্দিৰৰ সমীপত অৱস্থান কৰি থকা প্ৰত্যক্ষ কৰিছিল সেই সময়ত ৰেলপথত কৰ্তব্যৰত অৱস্থাত থকা বন বিভাগৰ দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ চাৰিজন বনকৰ্মী ক্ৰমে – বনপালক হিতিকেশ বৰ্মন, বনৰক্ষী কন্দৰ্প শৰ্মা, অস্থায়ী বনকৰ্মীদ্বয় উত্তম কলিতা আৰু গুদ্দু থাপ্পাই। তাৰ মাজতে হাতীৰ জাকটো নিশা প্ৰায় ১১.৪০ বজাত হাতীৰ জাকটো বিলৰ পানীৰ পৰা উঠি আহি কামাখ্যা – আজাৰা সংযোগী ৰেলপথত উঠে। সেই সময়ত কামাখ্যা ৰেল ষ্টেচনৰ দিশৰ পৰা আজাৰা ৰেল ষ্টেচনৰ দিশলৈ আহি অাছিল গুৱাহাটী – ধুবুৰী পেছেঞ্জাৰ ৰেলখন। তাৰ পাছত বনকৰ্মী কেইজনে ৰেলপথৰ দাঁতিৰে দৌৰি গৈ টৰ্চৰ পোহৰৰে ৰেল চালকক সংকেত দিয়ে। সংকেত পোৱাৰ লগে লগে চালকে ৰেলখন ( ইঞ্জিন নম্বৰ: ২০০৭০ ) ৰখাই দিয়ে। তাৰ পাছত প্ৰায় ১৫:মিনিটমান ৰখাই থোৱাৰ পাছত হাতীৰ জাকটো ৰেলপথৰ পৰা আতৰি যোৱাৰ পাছতহে বনকৰ্মীৰ দলে ৰেল চালকক মাজনিশা ১২ বজাত ৰেলখন চলিবলৈ সংকেত প্ৰদান কৰে। ফলত চাৰিওজন বনকৰ্মীৰ তৎপৰতাৰ বাবে এক নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ৰেলখনৰ লগতে বনৰীয়া হাতীৰ জাকটো।
আনহাতে দীপৰ বিলৰ সংৰক্ষণ , জৈৱ বৈচিত্ৰ্য ৰক্ষা অাৰু বিলখনক প্ৰদূষণৰ পৰা ৰক্ষা কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে কাম কৰি অহা দীপৰ বিল সুৰক্ষা মঞ্চকে ধৰি বিভিন্ন প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠনে চাৰিওজন বনকৰ্মীৰ কৰ্তব্যনিষ্ঠাৰ শলাগ লোৱাৰ লগতে মালবাহী ৰেলখনৰ চালকদ্বয়কো ধন্যবাদ জ্ঞাপন কৰিছে। এটা বিবৃতিত দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, উপ সভাপতি বলেশ্বৰ ৰংপী, সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে দীপৰ বিলত ১৭ নবেম্বৰৰ পৰা অনুষ্ঠিত হবলগীয়া জলক্ৰীড়াৰ বাবে দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ শ্লুইচগেটখন বিগত প্ৰায় চাৰে তিনি মাহ ধৰি বন্ধ কৰি থৈ দিয়াৰ বাবে দীপৰ বিলৰ পানীভাগৰ স্বাভাৱিক প্ৰবহন বন্ধ হৈ আছে। ফলত দীপৰ বিলৰ পানী ব্ৰহ্মপুত্ৰলৈ বৈ যাব নোৱাৰাৰ বাবে ভয়ংকৰ ভাবে প্ৰদূষিত হৈ পৰিছে। ইয়াৰ বাবে বনৰীয়া হাতীৰ জাক বিললৈ আহিলেও বেছি সময় পানীত নাথাকি পুনৰ পাৰলৈ উঠি আহে। পূৰ্বতে হাতীৰ জাক বিলত নামি গলে দুদিন – তিনিদিন ধৰি পানীত থাকি জলকেলি কৰাৰ লগতে বিলৰ মাজত মাজে মাজে থকা বাম স্থান সমূহত অৱস্থান কৰে। কিন্তু খানাজানৰ পানীদুৱাৰখন বন্ধ হৈ থকা বাবে বিলৰ পানীভাগ ওফন্দি আছে আৰু হাতীয়ে অৱস্থান কৰা বাম ঠাই সমূহ পানীৰ তলত ডুব গৈ আছে। যাৰ বাবে পানীত নামি যোৱাৰ পাছতেই হাতীৰ জাক পুনৰ অহা বাটেৰে উভতি আহিব লগা হৈছে। আনটো বাদেই দেশী – বিদেশী চৰাইৰ বিচৰণথলীৰ বাবে বিখ্যাত দীপৰ বিলত বিগত কেইটামান দিনত অহা পৰিভ্ৰমী চৰায়ো পানীৰ প্ৰদূষণৰ মাত্ৰা দেখি আন আন ঠাইলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে বুলি প্ৰমোদ কলিতাই জানিবলৈ দিছে। উল্লেখ্য যে মাত্ৰ আঠোটা দিনৰ ভিতৰত একেটা বনকৰ্মীৰ দলৰ বাবে দুটা দিনত মাজনিশা বনকৰ্মীৰ তৎপৰতাৰ বাবে ৰেলৰ খুন্দাৰ পৰা হাতীৰ জাক ৰক্ষা পৰা ঘটনাই ৰেলপথৰ কাষৰীয়া ৰাণী বনাঞ্চলৰ পাহাৰত যে বৃহৎ বনৰীয়া হাতীৰ জাক আছে তাক পুনৰ নিশ্চিত কৰিছে।