জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ১৩ জুনত এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত সমিতিৰ সভানেত্ৰী প্রজ্ঞা গোস্বামী , উপদেষ্টা ৰীতা শৰ্মাকে আদি কৰি কেইগৰাকীমান সদস্যাই পাম ভিত্তিক “অক্সৰ ফাউণ্ডেশ্যন” বিদ্যালয়লৈ গৈ স্কুল কৰ্তৃপক্ষৰ মুৰব্বী ডঃ অলকা দেশাই শৰ্মাৰ লগত এক সৌহাদ্যপূর্ণ মত বিনিময় কৰে। ডঃ অলকা দেশাই শৰ্মাই কয় বিদ্যালয় খনত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত ভাৰতীয় ব্যৱহাৰিক শিক্ষাৰে শিক্ষাদান কৰি আহিছে। পুথিগত শিক্ষাৰ উপৰিও তেওঁলোকে ভাৰতীয় শিক্ষাৰ আলমত সমাজৰ প্ৰয়োজনীয় সকলোবোৰ দিশতেই শিক্ষাদান কৰি ছাত্ৰ ছাত্ৰীক আত্মনিৰ্ভৰশীল কৰি তুলিছে।
তদুপৰি আমাৰ চাৰিওফালে সিচৰিত হৈ থকা পৰিবেশ বিনষ্ট কৰা পেলনীয়া প্লাষ্টিকবোৰ পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তুলি সুন্দৰ সামগ্ৰী তৈয়াৰ কৰা হয়৷ স্কুল খনে “ড্রপ আউট ” লৰা ছোৱালীবোৰক বিনা মাচুলৰ বিনিময়ত তেওঁলোকক একোজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰাবলৈ অহৰহ চেষ্টা কৰি আছে আৰু সুফলো লাভ কৰিছে। অনুষ্ঠানত জালুকবাৰী লেখিকা সমাৰোহ সমিতিয়ে ডঃ অলকা দেশাই শৰ্মাক শাখাৰ মুখপত্র ‘উদ্দীপনা’ আৰু ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়।