দেশৰ অন্যতম ধনী পৰিয়াল হিচাপে পৰিগণিত হৈ অহা মুকেশ আম্বানি আৰু আৰু নীতা আম্বানিৰ প্ৰথম পুত্ৰ অনন্ত আম্বানিয়ে অলপতে কামাখ্যা মন্দিৰত উপস্থিত হৈ যাৱতীয় পূজা- অর্চনা কৰে। বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজত বিয়লি আহি মন্দিৰত উপস্থিত হোৱাৰ পাছত কামাখ্যা দলৈ সমাজৰ কাৰ্যালয়ত সমাজৰ বৰ দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মা আৰু সৰু দলৈ হিমাদ্রী শর্মাই অনন্ত আম্বানিক কামাখ্যাৰ পৰম্পৰাগত বস্ত্ৰ, স্মাৰক, গামোচা, শৰাইৰে বিপুল আদৰণি জনায়।
তাৰপাছত অনন্ত আম্বানিয়ে আধা ঘণ্টাৰো অধিক সময় ধৰি মন্দিৰত পূজা-অৰ্চনা কৰে। এই কাৰ্যত দুয়োজন দলৈয়ে সহযোগ কৰে। পূজাৰ অন্তত মনোবাঞ্ছা সিদ্ধিৰ বাবে অনন্ত আম্বানিয়ে প্রায় ১৯ টা ছাগলী আৰু প্ৰায় ৪৩ টামান পাৰ চৰাই এৰি দিয়ে। বিদায় লোৱাৰ পূৰ্বে অনন্ত আম্বানিয়ে বৰ দলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মাক ২ কোটি, ৫১ লাখ টকাৰ চেক প্ৰদান কৰে।